মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

আমাৰ ইতিহাস

  • ব্ৰিটিছ শাসনকালত চিভিল ভেটেৰিন্যাৰি বিভাগৰ তত্বাৱধানত ১৯০৫ চনত অসমৰ প্ৰথম পশুচিকিৎসালয় ডিচপেনস্যাৰি গুৱাহাটীৰ চেনিকুঠিত স্থাপন কৰা হয়।

    প্ৰাৰম্ভিক অৱস্থাত অসমৰ পশুচিকিৎসালয় খণ্ড চিভিল ভেটেৰিন্যাৰি বিভাগৰ পৰিদৰ্শকৰ অধীনত আছিল। কালক্ৰমত এই বিভাগটি দুটা মণ্ডলত ভাগ কৰা হয়। উজনি অসম বৃত্তৰ বাবে যোৰহাট আৰু নামনি অসম বৃত্তৰ বাবে গুৱাহাটী নিৰ্বাচিত হয়। ইয়াৰ প্ৰধান বিষয়া হয় পশুচিকিৎসা পৰিদৰ্শক। পশুচিকিৎসালয় পৰিদৰ্শকৰ অধীনত পশুচিকিৎসালয় সহকাৰী শৈল চিকিৎসক আৰু ক্ষেত্ৰ সহকাৰীসকলে ডিচপেন্স্যাৰিসমূহত কাৰ্য্যনিৰ্বাহ কৰে। পশুচিকিৎসালয়, ঔষধালয়সমূহ নিয়মিত ৰূপত পৰিদৰ্শন কৰাটো পশুচিকিৎসা পৰিদৰ্শকৰ দায়িত্ব আৰু কৰ্তব্য। এই ব্যৱস্থাৰ ১৯৪০ চনত অন্ত পৰে। ইয়াৰ পৰৱৰ্তী কালত পশুচিকিৎসা বিভাগ সঞ্চালকৰ অধীনলৈ আহে। পশুচিকিৎসালয় সমূহত জিলা পৰ্যায়ত জিলা পশুচিকিৎসা বিষয়া নিযুক্ত হয়।

    সম্প্ৰতি অসমৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ প্ৰশাসনিক ৰূপ ১৯৫০ চনৰ পৰা কাৰ্য্যকৰী হোৱা হিচাপত গঢ়ি উঠা।