মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

NERDDL

  • ভাৰত চৰকাৰৰ ডিপাৰ্টমেণ্ট অৱ এনিম্যাল হাজবেণ্ড্ৰি, ডেইৰিং এণ্ড ফিছাৰিজৰ এশ শতাংশ সাহাৰ্য্যৰে ‘এনিম্যাল ডিজিজ মেনেজমেণ্ট এণ্ড ৰেগুলেটৰি মেডিছিন’ আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাকে আদি কৰি সমূহ ৰাজ্যৰে ৰেফাৰেল লেবৰেটৰি হিচাপে নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন্যাল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰি (এন ই আৰ ডি ডি এল) গুৱাহাটীৰ খানাপাৰাত স্থাপন কৰা হয়।

    ইয়াৰ অনিবাৰ্য বা বাধ্যতামূলক কাৰ্য্যসমূহ হৈছে-

    (১) অৰ্থনৈতিকভাৱে গুৰুত্ত বহন কৰা পশুধনসমূহৰ ৰোগৰ (বেক্টেৰিয়াজনিত, ভাইৰাচজনিত ইত্যাদি) পৰা আৰোগ্য লাভ কৰিবলৈ আঞ্চলিক ৰেফাৰেল পৰীক্ষাগাৰ হিচাপে সেৱা আগবঢ়োৱা।

    (২) পশুধনসমূহৰ ৰোগৰ এটি তথ্য বেংক পৰিচালনা কৰি আটাইবোৰ ৰাজ্যত ঋতুকালীন হিচাপত সচেতনতাৰ পদক্ষেপৰূপে এয়া বিলোৱা।

    (৩) নেশ্যন্যাল ৰেফাৰেন্স লেবৰেটৰিৰ ৰাষ্ট্ৰীয় ভড়ালত জন্তুসমূহ সংগ্ৰহ কৰিলে ভাইৰাচজনিত, বেক্টেৰীয়াজনিত জন্তুৰোগত আক্ৰান্ত জন্তুসমূহৰ ক্ষেত্ৰত দায়িত্বশীল হোৱাটো প্ৰয়োজন আৰু ইহঁতক পৃথককৈ ৰখাটো এক জৰুৰী কৰ্তব্য।

    (৪) এপ্ৰুভড্ ষ্ট্যাণ্ডাৰ্ড ৰিএজেণ্ট আৰু ৰোগ নিৰ্ণায়ক ফলাফলসমূহৰ উৎপাদন অনুকৰণ কৰিব লাগে।

    (৫) ৰাজ্যৰ টেষ্ট ডায়েগ্ন’ষ্টিক লেবৰেটৰি বা ৰাজ্যিক ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰসমূহৰ বৈজ্ঞানিক/বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা আৰু ৰাজ্যত নিপুণ সেৱা আৰু পৰামৰ্শ আগবঢ়োৱা।

    (৬) ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি সময়ে সময়ে ৰোগ পৰীক্ষণ আৰু নিৰ্ণয়ৰ বাবে বিশেষ কাৰ্য্যসূচীৰ আয়োজন কৰা হয়।

    (৭) ‘ডি এ এইছ ডি’ ৰ দ্বাৰা বিভিন্ন ৰাজ্যৰ নোডেল বিষয়াসকলৰ সভা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হয়।

    (৮) ডিপাৰ্টমেণ্ট অৱ এনিম্যাল হাজবেণ্ড্ৰি, ডেইৰিং এণ্ড ফিছাৰিজ, ভাৰত চৰকাৰৰ আগতীয়া অনুমতি সাপেক্ষেহে ‘আৰ ডি ডি এল’ ৰ দ্বাৰা সৃষ্ট কোনো তথ্য প্ৰচাৰ কৰা হয়।

    ইয়াৰ সুবিধাসমূহ

    • জন্তুৰ ৰোগ নিৰ্ণয়কাৰী আধুনিক যন্ত্ৰ।
    • বি এছ এল ২ পৰ্যায় পৰীক্ষাগাৰ।
    • এটা ম’বাইল বি এছ এল ৩ পৰীক্ষাগাৰ।
    • Baceriology, Serology, Virology, Parasitilogy, Pathology আৰু Biochemestry আৰু Toxicology ৰ বাবে বিশেষ পৰীক্ষাগাৰ।
    • প্ৰশিক্ষিত মানৱশক্তি।

    কাৰ্য্যসমূহ

    • পশুধনৰ বিভিন্ন ধৰণৰ ৰোগ নিৰ্ণয়ৰ বাবে নমুনাৰ প্ৰক্ৰিয়াকৰণ।
    • সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৈজ্ঞানিক/পশুচিকিৎসক সকলক দৈনন্দিন ৰূপত প্ৰশিক্ষণ প্ৰদান।
    • জন্তুৰ ৰোগ নিৰ্ণয় আৰু নিয়ন্ত্ৰণৰ সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য আৰু ভাৰত চৰকাৰৰ মাজত আলোচনা।
    • সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলক সামৰি লৈ জন্তুৰ ৰোগ পৰীক্ষণ আৰু নিয়ন্ত্ৰণ কাৰ্য্যসূচী।
    • জন্তুৰ ৰোগ নিয়ন্ত্ৰণৰ উদ্দেশ্যে একেলগে কাৰ্য্য সম্পাদনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ সৈতে আলোচনা।
    • ভাৰত চৰকাৰৰ নিৰ্দেশ অনুসৰি জন্তুৰ স্বাস্থ্যৰ সৈতে জড়িত বিশেষ পদক্ষেপসমূহৰ সংসাধন।

    ৰোগ নিৰ্মূল

    • ৰিণ্ডাৰপেষ্ট মহামাৰী যি ঐতিহাসিকভাৱে বহু দুৰ্ভিক্ষৰ কাৰণৰূপে পৰিগণিত এই জন্তুৰ মহামাৰীবিধ অসমৰ পৰা ২০০৫ চনত নিৰ্মূল কৰা হয়।
    • আন এক ভয়ংকৰ ৰোগ ‘চি বি পি পি’ যিয়ে অসমত হেজাৰ-বিজাৰ গৰুৰ মৃত্যু ঘটাইছিল ইয়াকো অসমৰ পৰা ২০০৫ চনত নিৰ্মূল কৰা হয়।

    যোগাযোগৰ ঠিকনা

    নৰ্থ-ইষ্টাৰ্ণ ৰিজিয়ন্যাল ডিজিজ ডায়েগ্ন’ষ্টিক লেবৰেটৰি
    পশুপালন আৰু পশুচিকিৎসা বিভাগ
    খানাপাৰা, গুৱাহাটী-৭৮১ ০২২
    ই-মেইল: nerddlguwahati@gmail.com