মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

মন্ত্ৰী

  • শ্ৰীযুত অতুল বৰা
    পশুপালন আৰু পশুচিকিৎসা বিভাগ
    তৃতীয় মহলা, ব্লক-চি
    অসম চৰকাৰ, অসম সচিবালয় (গৃহ)
    দিশপুৰ, অসম - ৭৮১ ০০৬

    শ্ৰীযুত অতুল বৰাই জন্ম গ্ৰহণ কৰিছিল ৭ এপ্ৰিল ১৯৬০ ত অসমৰ গোলাঘাট জিলাৰ বৰাহীগাৱঁত। ছাত্ৰ অৱস্থাতেই শ্ৰীযুত বৰাই ৰাজনীতিত যোগদান কৰিছিল আৰু অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতিও হৈছিল। শ্ৰীযুত অতুল বৰা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনসমূহে লগ লাগি গঠন কৰা ‘নৰ্থ-ইষ্ট ষ্টিউডেণ্টছ কো-অৰ্ডিনেশ্যন কমিতি’ ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। ১৯৯৫ ত তেওঁ অসম গণ পৰিষদত যোগদান কৰে আৰু ২০১৪ ৰ ১৫ জুলাই তাৰিখে পৰিষদৰ সভাপতি নিৰ্বাচিত হয়।

    ২০১৬ চনৰ মে’ মাহত তেওঁ বোকাখাট সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়লাভ কৰে। শ্ৰীযুত অতুল বৰা সম্প্ৰতি কৃষি, উদ্যানপাল আৰু খাদ্য প্ৰক্ৰিয়াকৰণ, পশুপালন আৰু পশুচিকিৎসা, ইউ ডি ডি আৰু নগৰ পৰিকল্পনা বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।