মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰি বায়’লজিক্যালছ (আই ভি বি)

  • ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰি বায়’লজিক্যালছ

    ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰি বায়’লজিক্যালছ গুৱাহাটীৰ খানাপাৰাত অৱস্থিত। ৰিণ্ডাৰপেষ্ট মহামাৰীৰ পৰা জীৱ-জন্তুক ৰক্ষা কৰিবৰ উদ্দেশ্যে ছাগলীৰ ভ্যাকচিন প্ৰস্তুতৰ অনুজ্ঞাপত্ৰ লভি ১৯৫০-৫১ চনত এই প্ৰতিষ্ঠান কাৰ্য্যকৰী অৱস্থালৈ আহে। ১৯৭০ চনত এই প্ৰতিষ্ঠানে অন্যান্য ভাইৰাচজনিত আৰু বেক্টেৰীয়াজনিত ৰোগ প্ৰতিৰোধী ছিটা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। পিছলৈ পঞ্চম আৰু ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰি বায়’লজিক্যাল প্ৰতিষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলীয় পৰিষদ (নৰ্থ-ইষ্টাৰ্ণ কাউন্সিল) ৰ পৰা বিত্তীয় সাহাৰ্য্য লভি এক আঞ্চলিক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এই প্ৰতিষ্ঠানেই একমাত্ৰ জন্তুৰ ছিটা প্ৰস্তুতকাৰী কেন্দ্ৰ। এই প্ৰতিষ্ঠানত প্ৰস্তুত কৰা হোৱা ছিটা অসমৰ আৰু চুবুৰীয়া উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উপৰিও ভাৰতৰ অন্যান্য ৰাজ্য যেনে উত্তৰ প্ৰদেশ, পশ্চিমবংগ, জম্মু-কাশ্মীৰ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু বহু সুৰক্ষা সংগঠনসমূহে ব্যৱহাৰ কৰি আহিছে। চুবুৰীয়া দেশ ভূটানো এই প্ৰতিষ্ঠানৰ পৰা লাভৱাম্বিত হৈছে।

    এই প্ৰতিষ্ঠানত প্ৰস্তুত কৰা হোৱা ছিটাসমূহ

    (১) ভাইৰাচজনিত ৰোগৰ ছিটা: চোৱাইন ফীভাৰ, এফ ডি আৰ ডি এফ ১, এফ ডি আৰ ডি আৰ ২ বি, হাঁহৰ প্লেগ
    (২) বেক্টেৰীয়াজনিত ৰোগৰ ছিটা: এনথ্ৰাক্স, এইছ এছ, বি কিউ, এণ্টাৰ’টক্সেমিয়া।

    ‘আই ভি বি’ ৰ অধীনৰ কৃতিত্বসমূহ

    ৰাজ্যৰ পশুধন আৰু পক্ষীসমূহক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰি বায়’লজিক্যালছ, খানাপাৰাই নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে।

    • ইয়াৰ প্ৰধান কৃতিত্বসমূহৰ ভিতৰত আছে এই প্ৰতিষ্ঠানে উৎপাদন কৰা ছিটা ব্যৱহাৰেৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ৰিণ্ডাৰপেষ্ট পশু মহামাৰীৰ পৰা মুক্ত হয়।
    • ২০০৫-০৬ চনৰপৰা ২০১৫-১৬ চনলৈ এই প্ৰতিষ্ঠানত মুঠ ২.৪৬ কোটি ঔষধৰ ডোচ উৎপাদন আৰু বিতৰণ কৰা হয়।
    • ২০০৬-০৭ চনৰপৰা ২০১৫-১৬ চনলৈ উৎপাদন কৰা হোৱা ছিটাৰ মুঠ উৎপাদন মূল্য চৰকাৰে ৬৭,৭৪,৭৫৮ টকা নিৰ্ধাৰণ কৰে।
    • মুঠ ৬৭,৭৪,৭৫৮ টকাৰ ৪৩,৪১,৮২৬ টকা মূল্যৰ ছিটা অসমত বিনামূলীয়াকৈ বিতৰণ কৰা হয় বাকী ৰোৱা ২৪,৩২,৯৩২ টকা চৰকাৰৰ ৰাজ কোষাগাৰত জমা কৰা হয়।
    • ২০০৫-০৬ চনৰপৰা ২০১৫-১৬ চনলৈ ৮৯ জিলা ভিত্তিক আৰু ৮৩১ খণ্ড পৰ্যায় জন্তু স্বাস্থ্য সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়।
    • ই ক্ষেত্ৰ বিষয়া আৰু পেৰা ভেটেৰিন্যাৰিয়ান সকলৰ বাবে ৰিফ্ৰেছাৰ্ছ ট্ৰেনিঙৰো ব্যৱস্থা কৰিছে। ২০১৫-১৬ চনলৈ ৪১০ গৰাকী পশুচিকিৎসা বিষয়া আৰু ৩৮১ গৰাকী পেৰাভেটেৰিয়্যানে জন্তুৰ স্বাস্থ্যৰ বিষয়ৰ বিভিন্ন দিশত ৰিফ্ৰেছাৰ্ছ ট্ৰেনিং সম্পূৰ্ণ কৰিছে।

    যোগাযোগৰ ব্যক্তি

    ডাঃ পৰেশ চন্দ্ৰ শৰ্মা
    ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰি বায়’লজিক্যালছ
    পশুপালন আৰু পশুচিকিৎসা বিভাগ
    খানাপাৰা, গুৱাহাটী - ৭৮১ ০২২
    ই-মেইল: ivb.khanapara@gmail.com