মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

আমি কি কৰো

  • আমাৰ দৰ্শন আৰু অভিযান

    অসম চৰকাৰৰ এটি গুৰুত্তপূৰ্ণ বিভাগ হৈছে পশুপালন আৰু পশুচিকিৎসা বিভাগ। এই বিভাগটি পশুধন উৎপাদন, সংৰক্ষণ, পশুধনক ৰোগৰ পৰা সুৰক্ষা প্ৰদান আৰু দুগ্ধ উন্নয়নৰ দিশত উন্নতি সাধন আদি বিষয়ৰ প্ৰতি দায়বদ্ধ। মস্যপালন সম্পৰ্কীয় দিশসমূহো এই বিভাগে পৰ্যবেক্ষণ কৰে। বিশেষকৈ গ্ৰাম্য সমাজ আৰু লগতে সমগ্ৰ ৰাজ্যৰ আৰ্থ-সামাজিক বিকাশ সাধনৰ দিশত এই বিভাগে গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এনেকৈয়ে ই মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product) ৰ দিশত অৰিহণা আগবঢ়াই আহিছে।

    দৰ্শন

    • গাখীৰ, মাংস আৰু কণীৰ উৎপাদন বৃদ্ধি।
    • জন্তুৰ পৰা হোৱা উৎপাদন সমূহৰ স্বাস্থ্যসন্মত ব্যৱস্থা।
    • সময়ে সময়ে গ্ৰহণ কৰা হোৱা ৰোগ নিৰ্মূল কাৰ্য্যসূচীৰে পশুধনৰ ৰোগৰ প্ৰকোপ আৰু মৃত্যুৰ হাৰ হ্ৰাস।
    • উন্নয়নমূলক কাৰ্য্যসূচীৰ জৰিয়তে বৰ্ণসংকৰ জাতৰ পশুধনৰ সংখ্যা বৃদ্ধি।
    • পাশ্চাৎমুখী কুকুৰা আৰু অন্যান্য পক্ষীৰ ফাৰ্মৰ জনপ্ৰিয়কৰণ।
    • সৰু জীৱ-জন্তু আৰু গাহৰি ফাৰ্মৰ জনপ্ৰিয়কৰণ।
    • কৃত্ৰিম প্ৰজনন আৰু অন্যান্য সেৱা দুৱাৰডলিত প্ৰদান সুবিধাৰ ব্যৱস্থা।
    • ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক আত্মনিয়োগৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই সেৱাসমূহৰ পৰিসৰৰ বিস্তৃতকৰণ।

    আমাৰ কাৰ্য্যাৱলী

    • দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ কৃত্ৰিম প্ৰজনন সেৱা দুৱাৰডলিত প্ৰদান ব্যৱস্থাৰ জনপ্ৰিয়কৰণ।
    • ঋতুকালীন আৰু বছৰৰ সকলো সময়তে হোৱা পশুখাদ্যৰ খেতিৰ উন্নতি সাধন।
    • বিভিন্ন কাৰ্য্যক্ৰম আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰি জনসচেতনতাৰ সৃষ্টি।
    • ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মী বা গোপাল মিত্ৰসকল জড়িত হৈ থকা সেৱাৰ সম্প্ৰসাৰণ।
    • মাংস উৎপাদনৰ বাবে গাহৰি আৰু ছাগলী পামসমূহৰ উন্নয়ন সাধন।
    • মাংস আৰু কণী উৎপাদনৰ বাবে পক্ষী উন্নয়ন।
    • সতৰ্কতা আৰু নিয়মিত ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰে জন্তু ৰোগ প্ৰতিৰোধ।
    • পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিভিন্ন ক্ষেত্ৰত অহা নতুন সুবিধাসমূহৰ সৈতে বিভাগীয় কৰ্মচাৰী আৰু কৃষকসকলক পৰিচয় কৰাই দিয়া লগতে তেওঁলোকক কৌশল বিকাশ আৰু ইয়াৰ উন্নতি সাধনৰ দিশত প্ৰশিক্ষণ প্ৰদান কৰা।
    • জন্তুৰ ৰোগসমূহৰ তদন্ত কৰা, চিকিৎসা প্ৰদান কৰা, নিয়ন্ত্ৰণ কৰা আৰু নজৰ দিয়া।