মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অসম দুগ্ধ, মাংস আৰু কণী অভিযান

ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ সাধন আৰু ২০২১-২২ বৰ্ষৰ ভিতৰত ভাৰতবৰ্ষই স্বাধীনতা লাভৰ ৭৫ তম বৰ্ষপূৰ্তি সম্পূৰ্ণ কৰাৰ শুভসময়ত অসমত ফাৰ্ম আয় দুগুণ কৰাৰ লক্ষ্যৰে ২০১৬-১৭ বৰ্ষত ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ নামেৰে এটি বৃহৎ অভিযানৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ অধীনৰ ‘অসম দুগ্ধ, মাংস আৰু কণী অভিযান’ হৈছে পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়ে উদ্যোগ গ্ৰহণ কৰা এক গুৰুত্তপূৰ্ণ আঁচনি। ‘মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ ৰ অধীনৰ এই আঁচনি অসম দুগ্ধ, মাংস আৰু কণী সমাজে পৰ্য্যৱেক্ষণ কৰিব।

লক্ষ্যসমূহ:

  • দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসমক স্ব-নিৰ্ভৰশীল কৰি তোলা।
  • ডেইৰী নতুবা দুগ্ধ উৎপাদন ক্ষেত্ৰৰ বিকাশ।
  • আন ৰাজ্যলৈ ৰপ্তানি কৰাৰ লক্ষ্যৰে গাহৰি উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যক আগবঢ়াই নিয়া।
  • ৰাজ্যৰ বাবে প্ৰয়োজন হোৱা ছাগলীৰ যোগানৰ চাহিদা পূৰণ কৰা।
  • ৰাজ্যত কণীৰ উৎপাদন আৰু চাহিদাৰ মাজৰ শূণ্যস্থানৰ হ্ৰাসকৰণ।
  • নিয়োগ সৃষ্টি আৰু আয়ৰ সামৰ্থ্য গঢ়ন।

আমি এইটো কৰিবলৈ:

  • অসমৰ গ্ৰাম্য দুগ্ধ উৎপাদকসকলে প্ৰয়োজন অনুভৱ কৰা জটিল ক্ষেত্ৰসমূহ নিৰীক্ষণ কৰি নতুন নতুন দুগ্ধ উৎপাদন দল যেনেকৈ- দুগ্ধ সমবায় সমাজ, পশুধন সমবায় সমাজ আৰু আত্মসহায়ক গোটসমূহ গঠন কৰি শক্তিশালী কৰি তোলা।
  • গাহৰি আৰু ছাগলী পালনৰ বিকাশ সাধনৰ অৰ্থে নিৰ্দিষ্ট ঠাইত কাৰ্য্যসূচীৰ আয়োজন।
  • পাশ্চাৎমুখী মুৰ্গী পামৰ বাবে ব্যক্তি/আত্মসহায়ক গোটসমূহক সাহাৰ্য্য প্ৰদান।
  • তৰপীয়া বাণিজ্যিক পাম প্ৰতিষ্ঠাৰ বাবে উদ্যোগীসকলক সহায় প্ৰদান।
  • খণ্ড অভিযান/গ্ৰাম্য পৰ্যায়ৰ দলত সুদক্ষ মানৱশক্তিৰ জড়িতকৰণ, প্ৰযুক্তিগত সাহায্য প্ৰদান আৰু প্ৰয়োজনীয় তথ্য আৰু নিৰ্দেশনাৰ যোগান।
  • অংশীদাৰ সৃষ্টি কৰিবলৈ ৰাজ্যত আৰু ৰাজ্যৰ বাহিৰত বজাৰ সম্পৰ্ক আৰু কাৰ্য্যপদ্ধতিৰ প্ৰতিষ্ঠা কৰা।

যোগাযোগৰ ব্যক্তি

ডাঃ জ্যোতি প্ৰকাশ কলিতা
ডেপুটি সঞ্চালক
পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়
দূৰভাষ: ৯৪৩৫০৭১১০২

ডাঃ কংকণ কলিতা
শাখা বিষয়া, এন এল এম
অফিচাৰ ট্ৰেইনিং ইনষ্টিটিউট
খানাপাৰা, গুৱাহাটী- ৭৮১ ০২২
দূৰভাষ: ৯৮৬৪০৩৩০৫৯

‘অসম দুগ্ধ, মাংস আৰু কণী অভিযান সমাজ’ ৰ নিয়মসমূহ আপুনি ডাউনলোড কৰি ল’ব পাৰে।:

Downloads
TitleSizeDetail
অসম দুগ্ধ, মাংস আৰু কণী অভিযান সমাজৰ বাবে এমঅ’ইউ331.5 KBswf-image
অসম দুগ্ধ, মাংস আৰু কণী অভিযানৰ নীত-নিয়মসমূহ156 KBswf-image