মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

কৃত্ৰিম প্ৰজনন কৰ্মী হোৱাৰ বাবে আবেদন

চিহ্নাংক সূচী:

  • শিক্ষিত আৰু নিবনুৱা যুৱক-যুৱতীসকলক ‘এ এল ডি এ’ ই প্ৰশিক্ষণ প্ৰদান কৰি এআই কৰ্মী বা কৃত্ৰিম প্ৰজনন কৰ্মী বা গোপাল মিত্ৰ হিচাপে গঢ়ি তুলি কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰ পৰিসৰ বৃদ্ধি কৰা।
  • সাধাৰণ কাগজত আবেদন লিখি ওচৰৰ পশুচিকিৎসা কেন্দ্ৰত দাখিল কৰিব লাগে।

অৱলোকন

সমগ্ৰ জনসংখ্যা অনুপাতে বিশেষকৈ সেৱা প্ৰদান ক্ষেত্ৰৰ বাহিৰত বসতি কৰা কৃষকসকলক সামৰি লৈ চৰকাৰী কৃত্ৰিম প্ৰজনন কেন্দ্ৰৰ সংখ্যা যথেষ্ট নহয়। তদুপৰি কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচীয়ে এই এআই কেন্দ্ৰসমূহত ২৪ ঘণ্টাই সেৱা লাভ কৰিব পৰা অৱস্থা প্ৰদান কৰিব লাগে।

এই পৰিসৰ বৃদ্ধি কৰিবলৈ পশুচিকিৎসা বিভাগে ভিতৰুৱা অঞ্চলৰ আগ্ৰহী নিবনুৱা যুৱক-যুৱতীক ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি কৃত্ৰিম প্ৰজনন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে। তেওঁলোকক ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মী নতুবা গোপাল মিত্ৰ বুলি জনা যায় যিয়ে সকলো ঠাইতে কৃষকসকলৰ দুৱাৰদলিত এই সেৱা উপলব্ধ কৰায়।

প্ৰক্ৰিয়া গতি

যোগ্যতাৰ ওপৰত ভিত্তি কৰি ইয়াৰ বাবে বাছনি কৰা হয় আৰু আঢ়ৈ মাহৰ বাবে বিভাগীয় প্ৰশিক্ষণ কেন্দ্ৰত আনুষ্ঠানিক শিক্ষা প্ৰদান কৰা হয়। ইয়াৰে ডেৰ মাহ সময় নিকটৱৰ্তী পশুচিকিৎসকৰ সহায়ত আবেদনকাৰীগৰাকীলৈ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ সাং কৰাৰ পিছতহে তেওঁ প্ৰাইভেট এআই সেৱা প্ৰদান কৰিব পাৰে।

যোগ্যতাৰ মাপকাঠি

  • তেওঁ কৃত্ৰিম প্ৰজনন কৰ্মী হ’বলৈ ইচ্ছুক হ’ব লাগিব।
  • তেওঁৰ নূন্যতম শিক্ষাগত অৰ্হতা সপ্তম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ পঢ়া হ’ব লাগিব।
  • গো পালনৰ দিশটো তেওঁ বুজি পাব লাগিব আৰু গো পালনৰ সৈতে তেওঁৰ পোনপটীয়া সম্পৰ্ক থাকিব লাগিব।
  • অৰ্থনৈতিকভাৱে বহনক্ষম হোৱা সৰ্বনিম্ন ২০০০ গৰুৰ সংখ্যা থকা অঞ্চলত থকা ব্যক্তি হ’ব লাগিব।
  • তেওঁৰ কাম কৰা ক্ষেত্ৰ প্ৰতিষ্ঠিত চৰকাৰী কৃত্ৰিম প্ৰজনন সেৱা কেন্দ্ৰৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰত হ’ব লাগিব।

মাচুল

ইয়াত কোনো মাচুল নালাগে।

প্ৰয়োজন হোৱা নথিপত্ৰ

শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ আৰু আবেদনকাৰীৰ বায়’ডেটা।

জৰুৰী সাময়িকী

এগৰাকী কৃত্ৰিম প্ৰজনন কৰ্মী হোৱাৰ আগতে চাৰি মাহৰ প্ৰশিক্ষণ আবেদনকাৰীক প্ৰদান কৰা হয়।

কেনেকৈ আবেদন কৰিব লাগে

সাধাৰণ কাগজত আবেদনকাৰীয়ে আবেদনপত্ৰ লিখি জিলা পশুচিকিৎসা বিষয়াৰ যোগেদি অসম পশুধন উন্নয়ন সংস্থাৰ প্ৰশিক্ষণ কোষত দাখিল কৰিব লাগে।

সেৱাৰ প্ৰকাৰ

সম্প্ৰতি এই সেৱাৰ প্ৰকাৰ অফলাইন।

যোগাযোগৰ ব্যক্তি

(১) ডাঃ মতিউৰ ৰহমান
সঞ্চালক, প্ৰশিক্ষণ আৰু পৰামৰ্শপ্ৰদান
অসম পশুধন উন্নয়ন সংস্থা (ALDA)
খানাপাৰা, গুৱাহাটী ৭৮১ ০২২
দূৰভাষ: ৮৮৭৬১৬০৪২৯

(২) জিলা অনুসৰি পশুচিকিৎসা বিষয়াসকল