মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

ক্ৰেডিট লিংকৰ বাবে আবেদন

চিহ্নাংক সূচী:

  • হিতাধিকাৰীসকলে বিত্তীয় বেংকৰ পৰা আত্মনিয়োজন সৃষ্টি আৰু পশুধনৰ উন্নয়নৰ বাবে ঋণ লয়।
  • উন্নত কাৰিকৰী কৌশল আৰু ফাৰ্ম গঠন যোগ্যতাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয়।
  • বিশুদ্ধ গাখীৰ যোগানৰ বাবে অনানুষ্ঠানিক আৰু পৰম্পৰাগত খণ্ডসমূহৰ বিকাশ সাধন।

অৱলোকন

পশুধন উন্নয়ন আৰু আত্মনিয়োগ সৃষ্টিৰ উদ্দেশ্যে হিতাধিকাৰীলৈ ঋণৰ সুবিধা আগবঢ়োৱা হয়। এনে ঋণ লাভৰ সংযোগ লাভ কৰিবলৈ হিতাধিকাৰীসকলে এন জি অ’ বা বেচৰকাৰী সংগঠন আৰু অন্যান্য সংগঠনসমূহৰ সহযোগত নূন্যতম অৰ্হতাৰ সহায়ত নিৰ্বাচিত হৈ এই ঋণ প্ৰদান সংস্থাৰ ওচৰ চাপিব পাৰে। ইয়াৰ বাবে হিতাধিকাৰীসকলক কৌশল বিকাশ আৰু কাৰিকৰী কৌশলৰ দিশত উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছতহে বিত্তীয় বেংকৰপৰা হিতাধিকাৰীসকললৈ ক্ৰেডিট লিংক বা ঋণৰ যোগাযোগৰ সুবিধা প্ৰদান কৰা হয়।

প্ৰক্ৰিয়া গতি

যোগ্যতাৰ বিষয়টো পৰীক্ষা কৰিবলৈ পশুচিকিৎসা বিষয়াই আবেদনপত্ৰ বিশ্লেষণ কৰে আৰু ইয়াৰ পিছতহে প্ৰশিক্ষণৰ বাবে হিতাধিকাৰী নিৰ্বাচন কৰা হয়। প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত হিতাধিকাৰীয়ে বেংকৰপৰা ঋণ লাভ কৰিবলৈ যোগ্যতা আহৰণ কৰিব পাৰে।

যোগ্যতাৰ মাপকাঠি

হিতাধিকাৰীগৰাকীৰ নিজা মাটি আৰু নূন্যতম শিক্ষাগত অৰ্হতা থাকিব লাগে।

মাচুল

ইয়াত কোনো মাচুল নালাগে।

প্ৰয়োজন হোৱা নথিপত্ৰ

  • ঠিকনাৰ প্ৰমাণপত্ৰ।
  • ফটো পৰিচয়পত্ৰ।
  • মাটিৰ প্ৰমাণপত্ৰ।
  • বেংক একাউণ্টৰ সবিশেষ।

জৰুৰী সাময়িকী

তিনি মাহৰ প্ৰশিক্ষণৰ সময়ছোৱাত ক্ৰেডিট প্ৰদান কৰা হয়।

কেনেকৈ আবেদন কৰিব

পূৰণ কৰা হোৱা আবেদনপত্ৰ ‘এ এল পি চি অ’’ ত দাখিল কৰিব লাগে।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

ক্ৰেডিট লিংকৰ বাবে আবেদনৰ প্ৰ-পত্ৰ।

যোগাযোগৰ ব্যক্তি

ডাঃ এন ঠাকুৰীয়া
জ্যেষ্ঠ পশুচিকিৎসা বিষয়া
পশুধন ভৱন
অসম পশুধন আৰু পক্ষী নিগম লিমিটেড
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথ
জুৰিপাৰ, গুৱাহাটী - ৭৮১ ০৩৭
দূৰভাষ: ০৯৪৩৫৩৭৬১৪০