মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

কৃত্ৰিম প্ৰজনন সেৱা উপলব্ধকৰণ

চিহ্নাংক সূচী:

  • এ আই বা কৃত্ৰিম প্ৰজনন সেৱা লাভ কৰিবলৈ পশুধন থকা যিকোনো কৃষকে নিকটৱৰ্তী চৰকাৰী কৃত্ৰিম প্ৰজনন কেন্দ্ৰ বা গোপাল মিত্ৰৰ ওচৰ চাপিব পাৰে।
  • কৃত্ৰিম প্ৰজননৰ বাবে ব্যৱহৃত হোৱা ফ্ৰ’জেন চিমেনৰ বীজৰ খৰচ কৃষকগৰাকীয়ে বহন কৰিব লাগে।
  • ‘এ আই’ ৰ নিৰ্দেশনাসমূহ কৃষকসকলে মানি চলিব লাগে।

অৱলোকন

‘এন পি চি বি বি’ ৰ নিৰ্দেশনা অনুযায়ী ৩০০ বিভাগীয় প্ৰতিষ্ঠানত এ আই বা কৃত্ৰিম প্ৰজননৰ সুবিধা প্ৰদান কৰা হৈছে বা এই কেন্দ্ৰসমূহত কৃত্ৰিম প্ৰজননৰ সুবিধাৰ পৰিচিতি ঘটোৱা হৈছে। সমগ্ৰ অসমত ১২৭৫ টা গ্ৰাম্য কৃত্ৰিম প্ৰজনন কেন্দ্ৰ আছে। কৃষকৰ প্ৰয়োজন অনুসৰি সকলো সময়তে এই সেৱা কৃষকৰ দুৱাৰডলিত প্ৰদান কৰা হয়। ক্ৰমাগতভাৱে এই ব্যৱস্থাই ৰাজ্যৰ নিবনুৱাসকলৰ মাজত নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

প্ৰক্ৰিয়া গতি

বাৰাপেট্টা ‘এফ এছ বি এছ’ ত বীৰ্য সংগ্ৰহ কৰি খানাপাৰাত থকা কেন্দ্ৰীয় বীৰ্য বেংকলৈ এইসমূহ স্থানান্তৰিত কৰা হয়। কেন্দ্ৰীয় বীৰ্য বেংকৰপৰা এই বীৰ্যসমূহ সমূহ ১৪ টা হিমায়িত বীৰ্য বেংকলৈ স্থানান্তৰিত কৰা হয় আৰু ইয়াৰ পিছত ক্ষেত্ৰ কেন্দ্ৰসমূহলৈ এই বীৰ্যৰ স্থানান্তৰ হয়। এই কাৰ্য্যত ৫৫ লিটাৰৰ ডাঙৰ পাত্ৰৰপৰা ৩ লিটাৰৰ কঢ়িয়াব পৰা পাত্ৰ ব্যৱহৃত হয়। এই লিকুয়িড নাইট্ৰ’জেন আৰু হিমায়িত বীৰ্য ক্ষেত্ৰসমূহলৈ অনা হয় আৰু অৱশেষত কৃষকৰ দুৱাৰডলিত এই সেৱা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়।

যোগ্যতাৰ মাপকাঠি

ইয়াৰ বাবে কোনো যোগ্যতা বিষয়ক কথা নিৰ্ধাৰণ কৰা হোৱা নাই। যি কৃষকে তেওঁৰ গৰুৰ উন্নত প্ৰজনন আশা কৰে তেওঁ এই সুবিধা গ্ৰহণৰ ববে আগবাঢ়ি আহিব পাৰে।

মাচুল

এগৰাকী কৃষকে এই সেৱা লাভৰ বাবে বীৰ্যৰ প্ৰতি বীজৰ বাবে ৫০ টকা খৰচ কৰিবলগীয়া হয়।

প্ৰয়োজন হোৱা নথিপত্ৰ

হিমায়িত বীৰ্য বীজৰ তথ্য আৰু বীৰ্য সংৰোপণ কৰা হোৱা গৰুৰ বিবৰণ ৰেকৰ্ড কৰি ৰাখিব লাগে।

জৰুৰী সাময়িকী

(১) হীট চিম্পটম আৰম্ভ হোৱাৰ সঠিক সময় কৃষকে নিশ্চয়কৈ অৱগত কৰিব লাগে,

(২) কৃত্ৰিমভাৱে বীৰ্য সংৰোপণৰ পিছত ২৪ ঘণ্টা আবদ্ধ অৱস্থাত গৰুজনীক পৰ্যবেক্ষণ কৰিব লাগে।

এই সেৱা কেনেকৈ লাভ কৰিব পাৰি

কৃত্ৰিম বীৰ্য সংৰোপণৰ বাবে কৃষকগৰাকীয়ে নিকটৱৰ্তী এ আই কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব লাগে।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন।

যোগাযোগৰ ব্যক্তি

নিকটৱৰ্তী চৰকাৰী এ আই কেন্দ্ৰ বা ব্যক্তিগত কৃত্ৰিম প্ৰজনন কৰ্মী (গোপাল মিত্ৰ)

জিলা অনুসৰি কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহৰ বাবে, তলৰ লিংকত ক্লিক কৰক: অসমৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহ