মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

দুগ্ধ সমবায় সমাজৰ নিৱন্ধন

চিহ্নাংক সূচী:

  • দুগ্ধ সমবায় সমাজ হৈছে দুগ্ধ কৃষকৰ এক স্বাধীন সংস্থা য’ত কৃষকসকলে তেওঁলোকৰ সাধাৰণ অৰ্থনৈতিক প্ৰয়োজনীয়তাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ স্ব-ইচ্ছাৰে মিলিত হয়।
  • ইতিমধ্যে উপস্থিত থকা পঞ্জীকৃত সমাজৰ শাখাৰ দ্বাৰা গঠিত সমাজ নতুবা ইতিমধ্যে উপস্থিত থকা দুই বা তাতোধিক মিশ্ৰিত সমাজকো পঞ্জীয়ন কৰিব লাগে।
  • যি ব্যক্তিয়ে সেৱা প্ৰদান কৰিব পাৰে, সদস্যপদৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ইচ্ছুক সেই সকলো ব্যক্তিৰ বাবেই কোনো বৈষম্য নৰখাকৈ ডি চি এছ বা দুগ্ধ সমবায় সমাজৰ দুৱাৰ মুকলি।
  • ‘ডি চি এছ’ য়ে ইয়াৰ সকলো সদস্য, নিৰ্বাচিত প্ৰতিনিধি, পৰিচালক আৰু কৰ্মচাৰীক শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰিব লাগে।

অৱলোকন

ভাৰতত ১৯০৪ চনত ইয়াৰ আনুষ্ঠানিক আৰম্ভনিৰে পৰা ভাৰতীয় সমবায় আন্দোলনে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ শক্তিৰ একত্ৰিকৰণেৰে বিশেষকৈ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ সাহাৰ্য্যৰ অৰ্থে কৃষি আৰু গ্ৰাম্য খণ্ডৰ বিকাশ সাধনৰ ক্ষেত্ৰত গুৰুত্তপূৰ্ণ ভূমিকা আগবঢ়াই আহিছে। ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ ঠিক পিছতেই চৰকাৰে সমবায় খণ্ডক ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ মাজত ভাৰসাম্যকাৰী খণ্ড হিচাপে সেৱা আগবঢ়োৱা তৃতীয় অৰ্থনৈতিক খণ্ড হিচাপে চিহ্নিত কৰে। এনেদৰে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক আৰু দুৰ্বল শ্ৰেণীৰ প্ৰয়োজনীয়তা অনুসৰি সেৱা আগবঢ়োৱা সমবায়ে বিশেষ খণ্ডৰূপে পৰিচিতি লাভ কৰে। সম্প্ৰতি সমবায় পৃথিৱীৰ সৰ্ববৃহৎ আন্দোলন।

প্ৰক্ৰিয়া গতি

  • পঞ্জীয়ন কৰ্তৃপক্ষলৈ ষ্ট্যাণ্ডাৰ্ড এপ্লিকেশ্যন প্ৰ-পত্ৰ প্ৰেৰণ কৰাৰ পিছত কৰ্তৃপক্ষই ইয়াক লাভ কৰাৰ তিনিদিনৰ ভিতৰত প্ৰস্তাৱিত সমবায়ৰ গঠনৰ উপযুক্ততা বিষয়টো পৰীক্ষা কৰিবলৈ এগৰাকী বিষয়াক প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰে আৰু প্ৰমোটাৰসকলৰ সৈতে আলোচনাৰ অন্তত ইয়াৰ বহনক্ষম বিষয়টো মূল্যাংকন কৰে।
  • প্ৰতিনিধিৰ দায়িত্বত নিয়োজিত বিষয়াগৰাকীয়ে ইয়াৰ ব্যৱহাৰ্য্যতাৰ প্ৰতিবেদন সাত কৰ্মসম্পাদনৰ দিনৰ ভিতৰত দাখিল কৰিব লাগে।
  • বিভাগীয় বিষয়াৰ দ্বাৰা দুগ্ধ সমবায় সংগঠন উচিত বা ন্যায়সংগত বুলি বিবেচিত হ’লে, প্ৰ-পত্ৰ নম্বৰ- ২ পূৰ কৰিব লাগে। এই প্ৰ-পত্ৰ পঞ্জীয়ন কৰ্তৃপক্ষৰ পৰা ব্যৱহাৰ্য্যতাৰ প্ৰতিবেদন সাতদিনৰ পিছত যিকোনো এটি দিনতে লাভ কৰিব পাৰি।
  • এই প্ৰ-পত্ৰ হস্তান্তৰ কৰাৰ সময়ত পঞ্জীয়ন কৰ্তৃপক্ষই প্ৰ’মোটাৰ গৰাকীক ইয়াৰ উদ্বোধনী সংক্ৰান্ত সাধাৰণ সভাৰ আহ্বান কৰিবলৈ আৰু এই কাৰ্য্যৰ বাবে প্ৰতিনিধি ৰূপে এগৰাকী বিষয়াক দায়িত্ব প্ৰদানৰ বাবে অনুৰোধ জনাব পাৰে।
  • পঞ্জীয়নৰ বাবে আবেদনপত্ৰ লাভ কৰি ইয়াৰ বিবেচনাৰ অন্তত পঞ্জীয়কগৰাকীয়ে ইয়াৰ উপনিয়মসমূহ পঞ্জীয়ন কৰে।
  • পঞ্জীয়কে সমবায় সমাজ পঞ্জীয়ন কৰে আৰু ইয়াৰ উপনিয়মসমূহৰ লেখ ৰাখে আৰু পঞ্জীয়নৰ প্ৰমাণপত্ৰ প্ৰেৰণ কৰে আৰু মূল উপনিয়মসমূহ ইয়াৰ দাখিলৰ ষাঠি দিনৰ ভিতৰত তেওঁ স্বাক্ষৰ কৰে আৰু মোহৰ মাৰে।

যোগ্যতাৰ মাপকাঠি

  • সমবায় সমাজৰ প্ৰ’মোটাৰগৰাকীৰ বয়স ১৮ বছৰৰ অধিক হ’ব লাগিব।
  • অসীমিত লায়্যাবিলিটি থকা সমবায় সমাজক পঞ্জীয়নৰ বাবে বিবেচনা কৰা নহয়।
  • ইয়াৰ লক্ষ্য অৰ্থনৈতিকভাৱে গ্ৰহণযোগ্য আৰু কাৰিকৰীগতভাৱে সবল হোৱা উচিত। কোনো সমবায় সমাজ বা সমবায় আন্দোলনত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব নালাগে।
  • প্ৰস্তাৱিত উপনিয়মসমূহ সমবায় সমাজৰ আইনৰ নিয়মৰপৰা অসংগত হ’ব নোৱাৰে নতুবা সমবায় সমাজৰ লক্ষ্যৰ বিৰুদ্ধ হ’ব নোৱাৰে।

প্ৰ-পত্ৰ পূৰ কৰাৰ নিৰ্দেশনা

  • নিৰ্দিষ্ট কৰা হোৱা আবেদনপত্ৰ ১৮ বছৰ বয়সৰ ওপৰৰ অন্ততঃ দহগৰাকী প্ৰ’মোটাৰে স্বাক্ষৰ কৰা হ’ব লাগিব।
  • প্ৰস্তাৱিত সমবায় সমাজৰ নাম, ঠিকনা, কাৰ্য্যসম্পাদনৰ ক্ষেত্ৰৰ লগতে প্ৰ’মোটাৰৰ যোগাযোগৰ সবিশেষ জনাব লাগে।
  • যালৈ বা যিয়ে আবেদনপত্ৰ প্ৰস্তুত কৰে তেওঁ প্ৰস্তাৱিত সমবায় সমাজৰ বিষয়ে সবিশেষ তথ্য গাঁথি দিব লাগে।
  • অসম সমবায় সমাজ আইন ২০০৭ ৰ ৪ আৰু ৬ শাখাত উল্লেখ থকা এই চৰ্তসমূহ পূৰণ নকৰিলে পঞ্জীয়কে ইয়াৰ পঞ্জীয়ন অগ্ৰাহ্য কৰিব পাৰে।

মাচুল

পঞ্জীয়ন মাচুল প্ৰস্তাৱিত সমবায় সমাজৰ কৰ্তৃত্বশীল অংশীদৰি মূলধন (অথৰাইজড শ্বেয়াৰ ক্যাপিটেল) ৰ এক শতাংশ (১%) ট্ৰেজাৰি চালান কাটি আবেদনপত্ৰৰে সৈতে জমা দিব লাগে।

[পঞ্জীয়কে সময়ে সময়ে পঞ্জীয়ন মাচুলৰ সালসলনি ঘটাব পাৰে কিন্তু এই খণ্ডৰ অধীনত ইয়াৰ সৰ্বোচ্চ সীমাই পঞ্জীয়ন মাচুলৰ ৫০% অতিক্ৰম নকৰে। ]

প্ৰয়োজন হোৱা নথিপত্ৰ

  1. প্ৰস্তাৱিত দুগ্ধ সমবায় সমাজৰ উপনিয়মৰ চাৰিটা প্ৰতিলিপি।
  2. উপনিয়মসমূহ গ্ৰহণ কৰা আবেদনকাৰীৰ দ্বাৰা দিয়া হোৱা সংকল্পবদ্ধতাৰ দুটি প্ৰতিলিপি।
  3. বিতং ঠিকনাৰে সৈতে আবেদনকাৰীৰ নামৰ তালিকা।
  4. প্ৰস্তাৱিত দুগ্ধ সমবায় সমাজৰ ব্যৱহাৰ্য্যতা সম্বন্ধে আঁচনি।
  5. সমবায়ৰ সাত নীতিৰ প্ৰতি প্ৰতিবদ্ধতা প্ৰদৰ্শন কৰি আবেদনকাৰীয়ে তাত স্বাক্ষৰ কৰা ঘোষণাপত্ৰ।
  6. খণ্ড ১৭ ৰ উপখণ্ড ১ ৰ নিয়ম অনুসৰি গণনা কৰা হোৱা পঞ্জীয়ন মাচুল যি উভতাই দিয়া নহয় ইয়াৰ প্ৰদানৰ চিনস্বৰূপে ট্ৰেজাৰি চালানৰ এটি প্ৰতিলিপি দিব লাগিব আৰু সমবায় সম্পৰ্কে অন্যান্য তথ্য প্ৰদান কৰিব লাগিব।

জৰুৰী সময়িকী

পঞ্জীয়নৰ সমগ্ৰ প্ৰক্ৰিয়া আনুষ্ঠানিক আবেদনপত্ৰ লাভৰ এমাহৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগে আৰু যদি সঠিক সময়ত ইয়াৰ মীমাংসা নহয় তেতিয়াহ’লে ইয়াৰ আনুষ্ঠানিক আবেদনপত্ৰ/পঞ্জীয়ন মাচুল লাভৰ তাৰিখৰপৰা ৬০ দিন উকলি যোৱাৰ পিছত প্ৰস্তাৱিত সমবায় সমাজ পঞ্জীয়নৰ বাবে বিবেচিত হয়।

আবেদন কৰাৰ নিয়ম

ওঠৰ বছৰৰ ওপৰৰ অন্ততঃ দহগৰাকী প্ৰ’মোটাৰৰ দ্বাৰা স্বাক্ষৰিত ষ্ট্যাণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মত প্ৰস্তাৱিত সমবায় সমাজৰ নাম, ঠিকনা আৰু কাৰ্য্য সম্পাদনৰ ক্ষেত্ৰৰ বিশদ বিৱৰণসহ প্ৰ’মোটাৰৰ যোগাযোগৰ সবিশেষ উল্লেখ কৰি পঞ্জীয়ন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব লাগে।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন।

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

ডি চি এছ ফৰ্ম

পঞ্জীয়ন প্ৰমাণ-পত্ৰৰ বাবে ফৰ্ম 

যোগাযোগৰ ব্যক্তি

(১) ৰেজিষ্ট্ৰাৰ অৱ কোপাৰটিভ চছাইটিজ
সমবায় ভৱন
খানাপাৰা, গুৱাহাটী - ২২

(২) ডাঃ বুধিন ফুকন
পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়
চেনিকুঠি, গুৱাহাটী - ২২

এলেকা অনুযায়ী দুগ্ধ উন্নয়ন বিষয়াসকলৰ যোগাযোগৰ বিৱৰণ

(৩) স্থানীয় পঞ্জীয়কৰ কাৰ্য্যালয়