মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

পশুধন পিয়ল

  • ভাৰতত পশুধন গণনাৰ ইতিহাস

    পশুধন খণ্ডৰ পৰিকল্পনা আৰু কোনো কাৰ্য্যসূচী সঠিকৰূপত গঢ় দিবৰ বাবে সম্ভৱপৰ সকলো প্ৰশাসনিক আৰু ভৌগোলিক দিশত ইয়াৰ ফলপ্ৰসূ সংসাধন, তথ্য আৰু পৰ্যবেক্ষণৰ প্ৰয়োজন। দেশত পশুধন পিয়ল বা গণনাই হৈছে এনে তথ্য লাভ কৰাৰ প্ৰধান উৎস। ভাৰতত প্ৰথম পশুধন গণনা সম্পন্ন কৰা হয় ১৯১৯-১৯২০ চনত আৰু তেতিয়াৰে পৰা প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এবাৰকৈ পশুধন গণনা কৰা কাৰ্য্য সম্পাদন কৰা হৈ আহিছে।

    অসমত পশুধন পিয়লৰ পদ্ধতি

    ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অৱ এগ্ৰিকালচাৰ, ডিপাৰ্টমেণ্ট অৱ এনিম্যাল হাজবেণ্ড্ৰি, ডেইৰিং এণ্ড ফিছাৰিজ, নতুন দিল্লীয়ে পশুপালন আৰু পশুচিকিৎসা বিভাগ অসম চৰকাৰৰ সহযোগত অসমত পশুধন পিয়ল বা পশুধন গণনাৰ কাম সম্পন্ন কৰি আহিছে।

    ইয়াৰ বাবে অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ মাজৰ পৰা পৰিদৰ্শক নিযুক্তি দিয়া হয়। প্ৰয়োজন অনুপাতে বাহিৰৰ পৰাও ব্যক্তি অনাৰ ব্যৱস্থা কৰা হয়। পশুধন গণনাৰ সময়ত পৰিদৰ্শকগৰাকীয়ে গাঁৱৰ লোকসকলৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলে। সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰেৰে তেওঁলোকে গ্ৰাম প্ৰধান, পঞ্চায়ত সদস্য, গাওঁবুঢ়াসকলৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে আৰু তেওঁলোকক বিশ্বাসত লয়। এনে কাৰ্য্যই মানুহৰ মনৰ পৰা কিছুমান প্ৰচলিত ভ্ৰম দূৰীকৰণত সহায় কৰে আৰু সুন্দৰ ৰূপত কাৰ্য্যসম্পন্ন হোৱাত সহায় কৰে।

    এই গণনা কালত পৰিয়ালসমূহে পোহা বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু যেনে গৰু, ম’হ, ছাগলী, ভেড়া, ঘোঁৰা, গাহৰি, হাতী, কুকুৰ ইত্যাদি জন্তু এই কাৰ্য্যৰ গণ্ডিৰ ভিতৰত ধৰা হয় আৰু চৰাই যেনে হাঁহ, কুকুৰা আদিৰ সংখ্যা গণনা কৰা হয়। গ্ৰাম্য আৰু নগৰীয়া অঞ্চলৰ বাবে এই তথ্যসমূহ পৃথকে উপস্থাপন কৰা হয়। এই গণনাৰ পৰা সংগ্ৰহ কৰা হোৱা তথ্যসমূহ পশুপালন আৰু পশুচিকিৎসা খণ্ডৰ বিভিন্ন আঁচনি আৰু কাৰ্য্যক্ৰম গঠন কৰাত আৰু পৰিসংখ্যা বিষয়ৰ কাৰ্য্যত ব্যৱহৃত হয়।

    অসমত পশুধনৰ সংখ্যা

    ১৯ তম পশুধন গণনা ২০১২ অনুসৰি জীৱ-জন্তুৰ সংখ্যা তলত উল্লেখ কৰা ধৰণৰ-
    গৰুৰ সংখ্যা = ১০,৩০৭.৭০, ম’হৰ সংখ্যা = ৪৩৫.২৭, ভেড়াৰ সংখ্যা = ৫১৮.০৭, ছাগলীৰ সংখ্যা = ৬১৬৯, গাহৰিৰ সংখ্যা = ১৬৩৬.০২ আৰু মুৰ্গীৰ সংখ্যা = ২৭,২১৬.১৭

    অসমৰ পশুধনৰ সংখ্যাৰ সবিশেষ

    ১৯ তম পশুধন পিয়ল ২০১২ অনুসৰি (সংখ্যা হাজাৰত)
    গৰুৰ সংখ্যা = ১০,৩০৭.৭০, মতা বৰ্ণসংকৰ জাতৰ গৰুৰ সংখ্যা = ৭৬.৩৩, মাইকী গৰুৰ সংখ্যা = ৩১৯.৫৭, মুঠ সংখ্যা = ৩৯৫.৯০
    দেশীয় মতা গৰুৰ সংখ্যা = ৪২১৬.৪১, মাইকী গৰুৰ সংখ্যা = ৫৬৯৫.৩৯, মুঠ সংখ্যা = ৯৯১১.৮০

    Details of Livestock and Poultry Population In Assam

    (In thousands)

    CATEGORY

    2007

    2012

    Cattle

       

    Total Exotic/Crossbred

    410.47

    395.9

    Total Indigenous

    9630.8

    9911.8

    Buffalo

    499.91

    435.27

    Sheep

       

    Total Exotic/Crossbred

    2.03

    9.49

    Total Indigenous

    351.77

    508.58

    Goat

    4320

    6169

    Horses & Ponies

    11.36

    14.15

    Mules

    0.01

    0.09

    Donkey

    0.06

    1.05

    Pigs

       

    Total Exotic/Crossbred

    559.6

    613.67

    Total Indigenous

    1440.83

    1022.35

    Dogs

    802.14

    527.52

    Rabbit

    5.9

    6.17

    Elephants

     

    0.45

    POULTRY

       

    Fowls

    20609.3

    19733.5

    Ducks

    8439.08

    7310.59

    Turkeys & Other Poultry

    11.86

    172.08

    Source: 19th  Livestock Census, 2012