মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

সজাগতা ও প্ৰশিক্ষণ

ক্ষেত্ৰ কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰশিক্ষণ (পশুচিকিৎসা ক্ষেত্ৰ সহায়ক)

ক্ষেত্ৰীয় কৃত্ৰিম প্ৰজনন আৰু বন্ধ্যাত্ব ব্যৱস্থাপন

বিভাগীয় ক্ষেত্ৰ বিষয়াসকলক ক্ষেত্ৰ কৃত্ৰিম বীৰ্য সংৰোপণ আৰু অনুৰ্বৰতা ব্যৱস্থাপনা বিষয়ত উন্নত প্ৰশিক্ষণ প্ৰদান কৰা হয় যাতে তেওঁলোকে ক্ষেত্ৰসমূহত উন্নতমানৰ বিজ্ঞানসন্মত সেৱা আগবঢ়াবলৈ সক্ষম হয় আৰু অসমৰ দুগ্ধ কৃষকসকলক অৰ্থনৈতিক দিশত লাভৱাম্বিত কৰিবলৈ সক্ষম হয়। হিমায়িত বীৰ্য উৎপাদন আৰু দক্ষতাৰে ৰাজ্যৰ ১৫ ফ্ৰ’জেন চিমেন বেংকত বীৰ্য বিতৰণৰ বাবে কিছুসংখ্যক আগ্ৰহী বিষয়াক ফ্ৰ’জেন চিমেন প্ৰচেছিং টেকন’লজী, কোৱালিটি কণ্ট্ৰোল অৱ ফ্ৰ’জেন চিমেন, এনড্ৰোল’জিকেল মেনেজমেণ্ট অৱ বুলছ ইত্যাদি বিষয়টো প্ৰশিক্ষণ প্ৰদান কৰা হয়।

চাৰিগৰাকী বিষয়াক আনকি আনন্দত অৱস্থিত ‘এন ডি ডি বি’ ৰ মুখ্য কাৰ্য্যালয়ত নতুন এ আই পৰ্যবেক্ষণ চফটৱেৰ ইনফৰমেশ্যন নেটৱৰ্ক অৱ এনিম্যাল প্ৰ’ডাক্টিভিটি এণ্ড হেলথ (আই এন এ পি এইছ) সংসাধনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

খণ্ড ১ ৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হোৱা বিষয়া৩২ গৰাকী
খণ্ড ২ ৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হোৱা বিষয়া৩৪ গৰাকী
বিস্তৃত ‘এন পি চি বি বি’ ৰ অধীনত ‘আই এন এ পি এইছ’ ৰ ওপৰত আয়োজিত কৰ্মশালাত উপস্থিত থকা বিষয়া২ গৰাকী

প্ৰজনন কৌশলৰ ওপৰত নৱাগত প্ৰশিক্ষণ প্ৰদান

অসমৰ ২৭ খন জিলাকে সামৰি লৈ গঢ়ি তোলা ক্ষেত্ৰ পৰ্যায়ৰ কৃত্ৰিম প্ৰজনন কৰ্মীসকলক প্ৰজনন কৌশলৰ নতুন পাঠদানেৰে প্ৰশিক্ষিত কৰি তোলা হয়। জুলীয়া নাইট্ৰ’জেনৰ মিতব্যয়ী ব্যৱহাৰ আৰু ইয়াৰ সঠিক সঞ্চালনৰ ফলত ইয়াৰ বাষ্পীভৱনৰ পৰিমাণ হ্ৰাস কৰি ইয়াক ক্ষেত্ৰসমূহত যোগান ধৰিব পৰা অৱস্থালৈ অনাটোৰ দিশত প্ৰধানকৈ জোৰ দিয়া হৈছে। কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচীৰ পৰ্যবেক্ষণ কৰা আৰু প্ৰগতিৰ প্ৰতিবেদন প্ৰস্তুত কৰা ইত্যাদি বিষয়তো প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এনে প্ৰশিক্ষণ প্ৰদান ব্যৱস্থাই ক্ষেত্ৰসমূহত কৃত্ৰিম প্ৰজননৰ সঁজুলিসমূহ আৰু জুলীয়া নাইট্ৰ’জেনৰ পাত্ৰসমূহৰ অধিক ভাল বিজ্ঞানসন্মত সঞ্চালনাৰ দিশত সহায় আগবঢ়াব।

খণ্ড ১ ৰ অধীনত প্ৰশিক্ষিত কৃত্ৰিম প্ৰজনন কৰ্মীৰ সংখ্যা১০৮৯ গৰাকী
খণ্ড ২ ৰ অধীনত প্ৰশিক্ষিত কৃত্ৰিম প্ৰজনন কৰ্মীৰ সংখ্যা২৪৬১ গৰাকী