মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

সজাগতা ও প্ৰশিক্ষণ

সজাগতা আৰু উৰ্বৰতা বিষয়ক শিবিৰ

কিছুমান পাহাৰীয়া জিলা আৰু দূৰণিবটীয়া গ্ৰাম্য অঞ্চল য’ত কৃত্ৰিম প্ৰজনন ব্যৱস্থা গ্ৰহণৰ বিষয়টো অতি মন্থৰ গতিত অগ্ৰসৰ হৈছে সেইসমূহ ঠাইত ইয়াৰ প্ৰসাৰৰ অৰ্থে সজাগতা আৰু উৰ্বৰতা শিবিৰৰ দৰে কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচী আৰু দুগ্ধ উৎপাদন কৰা আৰু জন্তুসমূহৰ বিজ্ঞানসন্মত পৰিচালনা ইত্যাদি বিষয় জনপ্ৰিয়কৰণৰ উদ্দেশ্যে এই শিবিৰসমূহত কৃষকসকলৰ আলোচনা সভা অনুষ্ঠিত কৰা হয়। ক্যাটল ইন্সিউৰেন্স স্কীম বা গো নিধি আঁচনি আৰু প্ৰজনন ব্যৱস্থাপনা ইত্যাদি বিষয়বস্তু জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে পত্ৰিকা প্ৰচাৰ কৰা হৈছে। ‘এন পি চি বি বি’ ৰ ভাগ ২ ৰ অধীনত কৃত্ৰিম প্ৰজনন জনপ্ৰিয়কৰণৰ বাবে হোৰ্ডিং, বেনাৰ, টেলিভিশ্যন তথ্যচিত্ৰ আৰু ৰেডিঅ’ জিংগল কাৰ্য্যসূচীও প্ৰস্তুত কৰি তোলা হৈছে।

(ক) ‘এন পি চি বি বি’ ৰ ভাগ ১ ৰ অধীনত ৩০০ উৰ্বৰতা শিবিৰ আৰু ১০০ ফাৰ্মাৰ অৰিয়েণ্টেশ্যন শিবিৰ গঠন কৰা হয়।

(খ) ভাগ ২ ৰ অধীনত ১২০০ উৰ্বৰতা শিবিৰ গঠন কৰা হয়।

(গ) বিস্তৃত ‘এন পি চি বি বি’ ৰ অধীনত ৭০০ শিবিৰ গঠন কৰা হয়।

A