মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

আঁচনি আৰু পৰিকল্পনাসমূহ

পশুপালন আৰু পশুচিকিৎসা সঞ্চালকালয়ৰ অধীনৰ আঁচনি আৰু পৰিকল্পনাসমূহৰ ভিতৰত আছে:

পশুধন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্য্যসূচী

ইয়াৰ অংশসমূহ তলত দিয়া ধৰণৰ:

  1. জীৱ-জন্তুৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ সাহায্য প্ৰদান ৭৫:২৫ অনুপাতৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক অংশীদাৰেৰে ইয়াৰ সংসাধন কৰা হৈছে। যদিও ইয়াৰ প্ৰশিক্ষণ আৰু কৰ্মশালা অনুষ্ঠিত কৰিবৰ বাবে ১০০ শতাংশ সাহায্য প্ৰদান কৰা হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰাদুৰ্ভাৱ হোৱা ৰোগ অনুসৰি ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰা হয়।
  2. পশুৰোগ নিৰ্মূলকৰণৰ ৰাষ্ট্ৰীয় আঁচনি ইয়াৰ প্ৰধান লক্ষ্য হৈছে প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰি পশুধনক গো নিউমোনিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰা। মে’ ২০০৬ আৰু মে’ ২০০৭ ত এই সুৰক্ষা ব্যৱস্থা হাতত লোৱা হয়।
  3. বৃত্তিধাৰীৰ দক্ষতা বিকাশ (PED). এই আঁচনিৰ লক্ষ্য হৈছে ভাৰতীয় পশুচিকিৎসা পৰিষদ আইন, ১৯৮৪ (Indian Veterinary Council Act, 1984) য়ে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি পশুচিকিৎসা প্ৰেক্টিশ্বনাৰ সকলৰ পঞ্জীয়ন কাৰ্য্য চলাই নিবৰ বাবে পশুচিকিৎসাৰ পাঠ অব্যাহত ৰখা। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় পশুচিকিৎসা পৰিষদ (Veterinary Council of India) আৰু ইউটি পশুচিকিৎসা পৰিষদ (UTs Veterinary Council) ৰ সুচাৰুৰূপে কাম-কাজ পৰিচালনাৰ বাবে ১০০ শতাংশ পুঁজি আৰু ৰাজ্যিক পশুচিকিৎসা পৰিষদৰ বাবে ৫০ শতাংশ পুঁজিৰ অনুদান আগবঢ়ায়।
  4. ৰাষ্ট্ৰীয় জন্তু ৰোগ প্ৰতিবেদন দাখিল পদ্ধতি (NADRS). এই আঁচনিৰ লক্ষ্য হৈছে নতুন দিল্লীত অৱস্থিত DADF ৰ Central Disease Reporting and Monitoring Unit লৈ খণ্ড, জিলা আৰু ৰাজ্যিক প্ৰধান কাৰ্য্যালয়ে কম্পিউটাৰাইজড্ চিষ্টেমৰ মাধ্যমেৰে জীৱ-জন্তুৰ ৰোগ সম্পৰ্কে প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে।
  5. পশুচিকিৎসালয় আৰু ঔষধালয়সমূহৰ প্ৰতিষ্ঠা আৰু সবলীকৰণ (ESVHD). এই আঁচনিয়ে ৰাজ্যৰ নতুন পশুচিকিৎসালয় আৰু ঔষধালয়সমূহৰ আন্তঃগাঁথনি স্থাপন কৰাত সহায় আগবঢ়ায় লগতে ৰাজ্যৰ ইতিমধ্যে থকা পশুচিকিৎসালয়সমূহ সবল ৰূপত গঢ় দিয়ে। ২০১৫-২০১৬ বৰ্ষত ইয়াৰ পুঁজিৰ অনুপাতৰ পৰিৱৰ্তন ঘটি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ৬০:৪০ হয়গৈ। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য আৰু হিমালয়ৰ তিনিখন ৰাজ্যৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ অনুপাত হয় ৯০:১০।
  6. ব্ৰুচিল’চিচ ৰোগ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচী (NCPB). এই আঁচনিৰ লক্ষ্য হৈছে ব্ৰুচিল’চিচ ৰোগ যিয়ে জীৱ-জন্তুৰ গৰ্ভপাত আৰু অনুৰ্বৰতাৰ দৰে সমস্যাৰ সৃষ্টি কৰে তাৰ প্ৰাদুৰ্ভাব হ্ৰাস কৰা। ৰাজ্যত এই ৰোগৰ অধিক প্ৰাদুৰ্ভাব হোৱা অঞ্চলত ৬ৰ পৰা ৮ মহীয়া সকলো মাইকী গৰুক প্ৰতিষেধক চিতা প্ৰদানৰ বাবে কেন্দ্ৰই সাহায্য প্ৰদান কৰিছে।
  7. Peste des Petits Ruminants নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম (PPR-CP). Peste des Petits Ruminants এবিধ সংক্ৰামক ৰোগ। ইয়াৰ লক্ষণ হৈছে অতিপাত জ্বৰ, খাদ্যনলীৰ জ্বলন আৰু ঘা লগা আৰু ডায়েৰীয়া। এই কাৰ্য্যসূচীয়ে ৰোগ হোৱাৰ সম্ভাৱনা থকা ছাগলী, ভেড়া আদি জন্তুক তিনিটা প্ৰজন্মলৈ প্ৰতিষেধক চিতা প্ৰদানৰ ব্যৱস্থা কৰে।
  8. ক্লাচিকেল চোৱাইন জ্বৰ নিয়ন্ত্ৰণ কাৰ্য্যসূচী (CSF-CP). ২০১৪-২০১৫ বৰ্ষত এই কাৰ্য্যসূচী LH&DC (পশুধন স্বাস্থ্য আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্য্যসূচী) ত যোগ দিয়া হয়। ক্লাচিকেল চোৱাইন জ্বৰ এবিধ মাৰাত্মক সংক্ৰামক ৰোগ যিয়ে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ গাহৰি পালকসকলৰ বাবে প্ৰধান বাধাৰূপে থিয় দিছে।

গ্ৰাম্য পাশ্চাৎমুখী পক্ষী উন্নয়ন কাৰ্য্যক্ৰম

 ১৯৯৯-২০০০ বৰ্ষত আৰম্ভ কৰা হোৱা এই আঁচনি প্ৰাৰম্ভিক পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলত ইয়াক ৰূপায়ণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। মুৰ্গী ফাৰ্ম্ৰ উন্নতি সাধনৰ বাবে এককালীন সাহায্য প্ৰদান কৰা হয়। এই মুৰ্গী পালনে আয়ৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ উপৰিও প্ৰয়োজনীয় পুষ্টি সাধনত অৰিহণা যোগায় আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰে।

ৰাজ্যিক পক্ষী পামসমূহলৈ ১০০ শতাংশ সাহাৰ্য্য প্ৰদান

 ইয়াৰ লক্ষ্য হৈছে চৰাইৰ কণী ফুটি পোৱালী জগোৱা, খাদ্য খোৱাই যত্ন লোৱা ইত্যাদি কাৰ্য্য সম্পাদন কৰি আৰু ইয়াৰ মানদণ্ড পৰীক্ষা আৰু চৰাইৰ ৰোগ নিৰ্ণয় সুবিধাৰে পৰিপূৰ্ণ গৃহ নিৰ্মাণ কৰি হাঁহ আৰু কুকুৰা ফাৰ্মসমূহ শক্তিশালী ৰূপেৰে গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা।

ইণ্টিগ্ৰেটেড চেম্পল ছাৰ্ভে (ISS)

এই আঁচনিৰ প্ৰধান লক্ষ্য হৈছে ৰাজ্যত উৎপাদন হোৱা দুগ্ধ, কণী, উল আৰু মাংসৰ হিচাপ ৰখা। এই আঁচনিৰ সংসাধনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯০:১০ অনুপাতেৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ সহায় আগবঢ়াইছে। এই আঁচনিৰ অধীনত কাৰ্য্য সম্পাদন কৰা কৰ্মচাৰীসকললৈ পুঁজিৰ এক বৃহৎ অংশ দৰমহা আৰু ভাত্তা হিচাপে আগবঢ়োৱা হয়।

পশু ৰোগ নিৰীক্ষণ আৰু নিয়ন্ত্ৰক ঔষধ পৰীক্ষাগাৰ (NERDDL)

জীৱ-জন্তুৰ ৰোগ নিৰ্ণয় আৰু প্ৰতিকাৰৰ বাবে গুৱাহাটীত North East Regional Disease Diagnostic Laboratory বা উত্তৰ-পূৱ আঞ্চলিক ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰৰ ভাৰতৰ পঞ্চমটো সেৱা কেন্দ্ৰ ‘State of art facility’ ৰে সৈতে গুৱাহাটীত স্থাপন কৰা হৈছে।

গো প্ৰজননৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচী (NPBB)

গো প্ৰজননৰ ৰাষ্ট্ৰীয় কাৰ্য্যসূচীয়ে অন্যান্য গুৰুত্তপূৰ্ণ বিষয়সমূহৰ উপৰিও ক্ষেত্ৰ কৃত্ৰিম প্ৰজনন নেটৱৰ্ক, কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচীৰ নিৰীক্ষণ, দেশীয় জাতৰ গৰুৰ উন্নয়ন আৰু সংৰক্ষণ, গো পালকৰ সংস্থা আৰু সমাজ স্থাপন কৰি এই কাৰ্য্যত উদগনি যোগোৱা আদি কাৰ্য্যসমূহৰ ওপৰত গুৰুত্ত প্ৰদান কৰে।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY)

২০০৭ ত ঘোষিত ই অতিৰিক্ত কেন্দ্ৰীয় সাহায্যৰ এক ৰাজ্যিক পৰিকল্পনা আঁচনি। ২০১০ বৰ্ষৰ পৰা উন্নতমানৰ ৰেচম উৎপাদনৰ লক্ষ্যৰে ইয়াত ৰেচম উৎপাদন আৰু ইয়াৰ আনুসংগিক কাৰ্য্যসমূহ সন্নিৱিষ্ট কৰা হয়। কৃষিজাত শস্য আৰু ফাৰ্মৰপৰা অহা বছৰেকীয়া আয় চাৰি শতাংশলৈ বৃদ্ধি কৰাই এই আঁচনিৰ লক্ষ্য।

ৰাষ্ট্ৰীয় পশুধন অভিযান (NLM)

এই আঁচনি ২০১৪-২০১৫ বৰ্ষত ঘোষিত হয়। এই আঁচনিৰ Sub-mission চাৰিটা তলত দিয়া ধৰণৰ:

  1. পশুখাদ্য আৰু খাদ্য প্ৰদান উন্নয়ন।
  2. পশুধন উন্নয়ন।
  3. উত্তৰ-পূৰ্বাঞ্চলত গাহৰিৰ উন্নয়ন সাধন।
  4. কৌশল বিকাশ, প্ৰযুক্তিৰ স্থানান্তৰিতকৰণ আৰু বিস্তৃতি।