মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

ৰাষ্ট্ৰীয় পশুধন অভিযান

অসম চৰকাৰৰ মুখ্য সচিবক অধ্যক্ষ আৰু প্ৰধান সচিবক পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সদস্য সচিব আৰু মিশ্যন সঞ্চালক হিচাপে লৈ গঢ়ি তোলা State Level Sanctioning & Monitoring Committee (SLMC) ৰ সংবিধান অনুসৰি ‘ৰাষ্ট্ৰীয় পশুধন মিশ্যন’ ২০১৪-১৫ বৰ্ষত অসমত শুভাৰম্ভ কৰা হয়। তদুপৰি ডেপুটি কমিশ্যনাৰক অধ্যক্ষ আৰু জিলাসমূহৰ জিলাভিত্তিক পশুচিকিৎসা বিষয়াসকলক সদস্য সচিব হিচাপে লৈ জিলা পশুধন মিশ্যন সমিতিসমূহ গঢ়ি তোলা হৈছে।

সাতটা কেন্দ্ৰীয়ভাৱে স্পঞ্জৰ কৰা হোৱা আঁচনি আৰু মিশ্যন মডিউলৰ অধীনৰ সাতটা কেন্দ্ৰীয় আঁচনিৰ অন্তৰ্ভুক্তকৰণ আৰু সংশোধনেৰে ৰাষ্ট্ৰীয় পশুধন মিশ্যন (National Livestock Mission) গঢ়ি তোলা হৈছে।

কেন্দ্ৰীয়ভাৱে স্পঞ্জৰ কৰা হোৱা আঁচনিসমূহ হ’ল:

  • কেন্দ্ৰীয় পশুখাদ্য উন্নয়ন সংগঠন।
  • কেন্দ্ৰীয় ভেড়া প্ৰজনন ফাৰ্ম
  • কেন্দ্ৰীয় কুকুৰা উন্নয়ন সংগঠন।
  • সৰু ৰোমন্থক প্ৰাণী আৰু শহাপহু ইত্যাদি প্ৰাণীৰ সংহত উন্নয়ন।
  • গাহৰি পালন উন্নয়ন।
  • মুৰ্গী উদ্যোগৰ মূলধন নিধি।
  • মতা ম’হ পোৱালিক ৰক্ষণাবেক্ষণ আৰু পালন কৰা।

কেন্দ্ৰীয় আঁচনিসমূহ হৈছে:

  • কেন্দ্ৰীয়ভাৱে স্পঞ্জৰ কৰা হোৱা পশুখাদ্য আৰু খাদ্য প্ৰদান উন্নয়ন আঁচনি।
  • বিপন্ন পশুধন প্ৰজনন সম্পৰ্কে আলোচনা।
  • পোহনীয়া কুকুৰাৰ বিকাশ সাধন।
  • পতিত জন্তুৰ উপযোগীকৰণ।
  • পশুধন বীমা।
  • ‘ম’বাইল শ্লটাৰ প্লেণ্ট’ৰ সন্নিৱিষ্টৰে গ্ৰাম্য কছাইখানা স্থাপন।
  • গ্ৰাম্য কছাইখানাসমূহৰ আধুনিকীকৰণ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্য্যবাহী সমিতিৰ প্ৰথম সভাখন অসম চৰকাৰৰ মুখ্য সচিব তথা SLEC, NLM ৰ অধ্যক্ষৰ অধীনত ২০১৪ চনৰ ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগৰ পৰা ১৭৮৭.২৪৫ লক্ষ টকাৰ প্ৰস্তাৱ দাখিল কৰা হয় (ইয়াৰ কেন্দ্ৰীয় অংশ ১৩৭৭.৭৭ লক্ষ, ৰাজ্যিক অংশ ২৫৯.৮২ লক্ষ আৰু হিতাধিকাৰীৰ অংশ ১৪৯.৬৫ লক্ষ টকা।)

প্ৰথম কিস্তি হিচাপে ভাৰত চৰকাৰে ২০১৪-১৫ চনৰ কাৰণে ৪৫২.৩৮ লক্ষ টকা মোকলাই দিয়ে। পশুধনৰ বিকাশৰ বিভিন্ন বিভাগৰ উন্নয়নৰ বাবে তলত দিয়া ধৰণে পুঁজিৰ ধনৰ ভাগ কৰা হয়।ক্ৰমিক নং, নাম, মুঠ পৰিমাণ, স্থানান্তৰ আৰু বিস্তাৰ, সাহায্যৰ গঠন প্ৰক্ৰিয়া আৰু অৱস্থাৰ বিষয়ে তলত ক্ৰমাগতভাৱে বিৱৰণ দাঙি ধৰা হ’ল:

ক্ৰমিক নংনামমুঠ পৰিমাণস্থানান্তৰ আৰু বিস্তাৰসাহায্যৰ গঠন প্ৰক্ৰিয়াস্থিতি
পশুধন বীমা৩৬৩.০৩ লক্ষ টকা২০০ লক্ষ (কেন্দ্ৰীয় অংশ): ৮১.৬৩ লক্ষ (ৰাজ্যিক অংশ): ৮১.৪০ লক্ষ (হিতাধিকাৰী অংশ)৫৫% কেন্দ্ৰীয়: ২২.৫০% ৰাজ্যিক: ২২.৫০% হিতাধিকাৰীALDA ৰ দ্বাৰা সম্পাদিত হ’ব। 
২(ক)উত্তৰ-পূৰ্বাঞ্চলত গাহৰি উন্নয়ন: গাহৰি প্ৰজনন ফাৰ্মেৰে ৰাজ্যৰ আৰ্থিক অৱস্থাৰ বিকাশ৯৫.৯৬ লক্ষ টকা৮৬.০০৪ লক্ষ টকা (কেন্দ্ৰীয় অংশ):৯.৫৫৬ লক্ষ টকা ৰাজ্যিক অংশ৯০% কেন্দ্ৰীয় অংশ: ১০% ৰাজ্যিক অংশ‘এন এল এম’ ৰ নিৰ্দেশনা অনুযায়ী ‘এন আই টি’ ৰ কাৰণে লোৱা হোৱা প্ৰক্ৰিয়া।
২(খ)উত্তৰ-পূৰ্বাঞ্চলত গাহৰি উন্নয়ন: ৰাজ্যৰ বহুতৰপীয়া গাহৰি পামৰ সবলীকৰণমুঠ ১৩৫.৫০ লক্ষ টকা১২১.৯৫ লক্ষ টকা (কেন্দ্ৰীয় অংশ): ১৩.৫৫ লক্ষ টকা (ৰাজ্যিক অংশ)(৯০% কেন্দ্ৰীয় অংশ: ১০% ৰাজ্যিক অংশ)‘এন এল এম’ ৰ নিৰ্দেশনা অনুযায়ী ‘এন আই টি’ ৰ কাৰণে লোৱা হোৱা প্ৰক্ৰিয়া।
কৌশল বিকাশ প্ৰযুক্তি (পশুধনৰ বিস্তৃতকৰণৰ বাবে তথ্য আৰু যোগাযোগৰ সুবিধা)মুঠ ৫৮.৯৮ লক্ষ টকা৪৪.২৪ লক্ষ টকা (কেন্দ্ৰীয় অংশ ): ১৪.৭৪ লক্ষ টকা (ৰাজ্যিক অংশ )(কেন্দ্ৰীয় অংশ ৭৫%: ৰাজ্যিক অংশ ২৫%)ৰাষ্ট্ৰীয় পশুধন অভিযান (এন এল এম) ৰ কাৰ্য্যকৰী নিৰ্দেশনা অনুসৰি ‘এন আই টি’ ৰ বাবে লোৱা হোৱা প্ৰক্ৰিয়া।

দিশপুৰ ইংৰাজী ২/৯/২০১৫ তাৰিখ, চিঠি No.VFV.216/2014/Pt.4/180 অনুসৰি ৰাজ্যিক কোষাগাৰলৈ ৪৫২.৩৮ লক্ষ টকা মোকলাই দিয়া হয়।

Downloads
TitleSizeDetail
পুজিঁ তথা কাৰ্য্য-পৰিকল্পনা (এনএলএম অসম)14 KBswf-image