মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

NERDDL

The North-Eastern Regional Disease Diagnostic Laboratory (NERDDL) ২০০৩ চনত ভাৰত চৰকাৰৰ ১০০% সাহায্যৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰেফাৰেল পৰীক্ষাগাৰ হিচাপে গুৱাহাটীত প্ৰতিষ্ঠিত হয়। ইয়াত থকা সুবিধাসমূহ হৈছে:

  • আধুনিক জীৱ-জন্তু ৰোগ নিৰ্ণায়ক যন্ত্ৰ।
  • দুটা BSL-2 স্তৰৰ পৰীক্ষাগাৰ।
  • এটা ম’বাইল BSL-3 পৰীক্ষাগাৰ।

মুখ্য কাৰ্য্যসমূহ:

  • পশুধনৰ বিভিন্ন প্ৰকাৰৰ ৰোগৰ নিৰ্ণয় আৰু তত্বাৱধানৰ বাবে নমুনা সংগ্ৰহ কৰা।
  • সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৈজ্ঞানিক আৰু পশু চিকিৎসকসকলক দৈনন্দিন প্ৰশিক্ষণ প্ৰদান।
  • জীৱ-জন্তুৰ ৰোগ নিয়ন্ত্ৰণ সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য আৰু ভাৰত চৰকাৰৰ মাজত সমন্বয় স্থাপন।

ৰোগ নিবাৰণ:

  • ঐতিহাসিকভাৱে পৃথিৱীৰ বহু দুৰ্ভিক্ষৰ সৃষ্টিকাৰী বুলি জনা হোৱা Rinderpest বা পশুমহামাৰী অসমৰ পৰা ২০০৫ চনত নিৰ্মূল কৰা হয়।
  • অসমত হেজাৰোধিক গৰু-ছাগলীৰ মৃত্যুৰ কাৰণ হোৱা আন এবিধ মাৰাত্মক পশুৰোগ CBPP ৰোগ ২০০৫ চনত অসমৰ পৰা নিৰ্মূল কৰা হয়। (২০০৫ চনত OIE ৰ পৰা এই প্ৰমাণ লাভ কৰা হয়) ।