মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

জন্তুৰ কৃত্ৰিম প্ৰজনন

ৰাজ্যত জন্তুৰ কৃত্ৰিম প্ৰজনন ‘অসম পশুধন উন্নয়ন সংস্থা’ (Assam Livestock Development Agency) ৰ দ্বাৰা প্ৰতিপালিত আৰু পৰিচালিত হয়।

পশুধনৰ কৃত্ৰিম প্ৰজননৰ লাভালাভ

  • ইয়াৰ বাবে ষাঁড় গৰু এটা দলত পালন কৰি পৰিচালনা কৰাৰ প্ৰয়োজন আহি নপৰে যাৰ ফলত ষাঁড় পলনৰ খৰচ ৰাহি হয়।
  • লিংগৰোগৰ পৰা হ’ব পৰা বিভিন্ন ৰোগ বিয়পাত ই বাধাৰ সৃষ্টি কৰে বা প্ৰতিৰোধ কৰে।
  • এটা উচ্চ গুণগত মানদণ্ডৰ ষাঁড়ৰ বীৰ্যৰে এটা সময়তে ২০-২৫ জনী গৰুত বীৰ্যৰোপণ কৰিব পাৰি।
  • বৰ্ণসংকৰ জাতৰ উন্নত মানদণ্ডৰ গৰু লাভ কৰাটো সম্ভৱপৰ।
  • নিৰ্দিষ্ট মিলন সম্ভৱ।
  • Shorter Calving season সম্ভৱ।
  • বয়সীয়া ষাঁড় গৰুও ফলপ্ৰসূতাৰে ব্যৱহাৰ কৰিব পাৰি।
  • সন্তানৰ পৰীক্ষা কম বয়সতে কৰিব পাৰি।

অসমত কৃত্ৰিম প্ৰজননৰ ক্ষেত্ৰত ALDA ৰ কৃতিত্ব

  • কৃত্ৰিম প্ৰজননৰ ৩০০ কেন্দ্ৰৰ পৰিচিতিৰে অসমত গো পালনৰ নেটৱৰ্ক শক্তিশালী কৰি তোলা হয়। ২০০৪-২০০৫ ৰ পৰা ২০১৪-২০১৫ চনলৈ ইয়াৰ ক্ষেত্ৰ ৪ শতাংশৰ পৰা ৯ শতাংশলৈ বৃদ্ধি পায়।
  • পাঁচ লাখ জাৰ্ছিৰ গৰুৰ প্ৰাৰম্ভিক ক্ষমতাৰে আৰু প্ৰতি বছৰে HF Frozen Semen বা বীৰ্যৰ পৰিমাণেৰে বাৰাপেটাত State-of-the-art Frozen Semen Bull Station স্থাপন কৰা হয়।
  • পনীয়া হাইড্ৰ’জেন আৰু ফ্ৰ’জেন চীমেন (LN&FS) বিতৰণৰ নেটৱৰ্ক শক্তিশালী ৰূপত গঢ়ি তুলি সাতটা FBS ৰে প্ৰাৰম্ভিক পৰ্যায়ত ২০০৪-২০০৫ বৰ্ষত পোন্ধৰখন জিলাক সামৰি আৰম্ভ কৰি ২০১৫-২০১৬ চনলৈ পোন্ধৰ FBS ৰে ৰাজ্যৰ সাতাইশ খন জিলাকে সামৰি লোৱা হয়।
  • কৃষকসকললৈ উন্নতমানৰ বিজ্ঞানসন্মত সেৱা প্ৰদানৰ বাবে বিভাগীয় এআই (Artificial Insemination) কৰ্মকৰ্তাসকলৰ সামৰ্থ্য গঢ় দিয়াৰ ব্যৱস্থা।
  • এআই প্ৰগ্ৰাম বা কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচীৰ ওপৰত জনসচেতনতা সৃষ্টিৰ বাবে গঢ়ি উঠা সংগঠন।
  • স্থানীয় ছোৱাম্প ম’হ (Local Swamp Buffalo) ৰ উন্নীতকৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভ আৰু বঢ়মপুৰত আলোচনা সভা।
  • ২০০৬-২০০৭ চনত ALDA ৰ দ্বাৰা ছখন জিলাত পশুধন বীমা কাৰ্য্যক্ৰম (Livestock Insurance Program) মুকলি। ২০১৭ ৰ এপ্ৰিললৈ ১,৫০,২৫৪ সংখ্যক জীৱ-জন্তু (পশুধন)ৰ বীমা কৰা হয় আৰু ৪৫৭৩ সংখ্যক দাবী নিষ্পত্তি কৰা হয়।
  • অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত প্ৰান্তীয় কৃষকসকলে (Marginal Farmers) ছাগলীৰ এআই বা কৃত্ৰিম প্ৰজননৰ সুবিধা পাব পৰাটো সম্ভৱপৰ হৈছে।

দুৱাৰমুখ এআই সুবিধা কি?

পশুপালন আৰু পশুচিকিৎসা বিভাগে ALDA ৰ মাধ্যমেৰে গৰু, ছাগলী আৰু গাহৰিৰ কাৰণে বৈজ্ঞানিক দুৱাৰমুখ এআই সুবিধা (Scientific Doorstep AI Facilities) প্ৰদান কৰিছে। এই সুবিধা ক্ষেত্ৰ পশুচিকিৎসা বিষয়া, পেৰাভেট আৰু প্ৰশিক্ষিত নিবনুৱাসকলে প্ৰদান কৰি আহিছে। বিভাগে প্ৰক্ৰিয়া অনুসৰি কৃষকক নিৰ্দেশনা প্ৰদান কৰিব আৰু প্ৰয়োজন অনুসৰি প্ৰতিখোজে সহায় আগবঢ়াব।

অসমৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহ

দুগ্ধপালকসকলৰ প্ৰয়োজন পূৰণৰ বাবে সমগ্ৰ ৰাজ্যত পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসমৰ ১২৭৫ টা গ্ৰাম্য এআই বা কৃত্ৰিম প্ৰজনন কেন্দ্ৰ আছে। গো সংখ্যা আৰু ইয়াৰ পালনৰ ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিখন জিলাতে ত্ৰিশৰ পৰা সত্তৰলৈ এআই বা কৃত্ৰিম প্ৰজনন কেন্দ্ৰ আছে। ইয়াৰে অসমৰ পোন্ধৰটা ফ্ৰ’জেন চীমেন বেংক (Frozen Semen Bank) ত অসমৰ এখন নতুবা দুখনকৈ জিলা অন্তৰ্ভুক্ত। বৰপেটা ‘এফ এছ বি এছ’ ৰ পৰা সংগ্ৰহ কৰা বীৰ্য খানাপাৰাৰ কেন্দ্ৰীয় এফ এছ বি লৈ আৰু নগাওঁ এফ এছ বি লৈ স্থানান্তৰিত কৰা হয় আৰু অৱশেষত ক্ষেত্ৰ কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হয়।

জিলা ভিত্তিক কৃত্ৰিম প্ৰজনন কেন্দ্ৰসমূহৰ তালিকা পাবৰ বাবে, ইয়াত ক্লিক কৰক।.

অধিক জানিবৰ বাবে

অসম পশুধন উন্নয়ন সংস্থা
জি.এছ ৰোড, খানাপাৰা
গুৱাহাটী - ২২
ফোন নং: ৯৪৩৫১৪২৬৫৯
ই-মেইল: ceoalda@gmail.com

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি, ALDA ৰ ৱেবচাইটদৰ্শন কৰক।