মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

পশুধন পিয়ল

ভাৰতত পশুধন পিয়লৰ ইতিহাস

পশুধন খণ্ডৰ উপযুক্ত পৰিকল্পনা আৰু সঠিক গাঁথনিৰ বাবে যথাসম্ভৱ সকলো প্ৰশাসনিক আৰু ভৌগোলিক স্তৰতে কাৰ্য্যকৰী সংসাধন আৰু তথ্যৰ পৰীক্ষণ এক গুৰুত্তপূৰ্ণ বিষয়। ভাৰতত প্ৰথম পশুধন পিয়ল ১৯১৯-১৯২০ চনত সম্পন্ন কৰা হয় আৰু তেতিয়াৰে পৰা প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে এই পিয়ল সম্পন্ন কৰি অহা হৈছে।

অসমত পশুধন পিয়লৰ প্ৰক্ৰিয়া

পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম চৰকাৰৰ সহযোগত ‘কৃষি মন্ত্ৰণালয়, পশুপালন, দুগ্ধ উৎপাদন আৰু মস্য পালন বিভাগ, ভাৰত চৰকাৰ’ ই পশুধন পিয়ল সম্পন্ন কৰে।

পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মাজৰ পৰা এই কাৰ্য্যৰ বাবে পৰ্য্যৱেক্ষক নিযুক্তি দিয়া হয়। এই পিয়ল কাৰ্য্যৰ সময়চোৱাত ছুপাৰভাইজৰ বা পৰ্য্যৱেক্ষকসকলে গাঁৱত সভা-সমিতিৰ আয়োজন কৰি গাঁওবাসী আৰু গাঁৱৰ গুৰুত্তপূৰ্ণ ব্যক্তি যেনে গ্ৰাম প্ৰধান, পঞ্চায়ত সদস্য, চৰকাৰী বিষয়ববীয়া, ধাৰ্মিক/সাম্প্ৰদায়ীক নেতা ইত্যাদি ব্যক্তিৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলি তেওঁলোকক ইয়াৰ প্ৰতি উৎসাহী কৰি তোলে। এই কাৰ্য্যই সকলো ধৰণৰ ভুল-ভ্ৰান্তি আঁতৰ কৰি সংশ্লিষ্ট কাৰ্য্যৰ বাবে প্ৰয়োজনীয় সহায় সাহায্য আগবঢ়ায়।

এই সময়চোৱাত পৰিয়াল, উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহে পালন কৰি অহা বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু যেনে গৰু, ম’হ, ভেড়া, ছাগলী আৰু চৰাই চিৰিকটি যেনে হাঁহ-কুকুৰা আৰু অন্যান্য পোহনীয়া চৰাইৰ সংখ্যা গণনা কৰা হয় আৰু এই গণনা কৰি লাভ কৰা তথ্যসমূহ চহৰ আৰু গাঁও অঞ্চলৰ বাবে পৃথকে পৃথকে পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হয়। এই পিয়লৰপৰা সংগ্ৰহ কৰা তথ্যসমূহ পশুপালন আৰু পশুচিকিৎসা খণ্ডৰ বাবে বিভিন্ন আঁচনি আৰু কাৰ্য্যক্ৰমৰ পৰিকল্পনা আৰু গঠনত আৰু পৰিসংখ্যা উদ্দেশ্যত প্ৰয়োগ কৰা হয়।

অসমত পশুধনৰ সংখ্যা

১৯ তম পশুধন পিয়ল ২০১২ অনুসৰি পশুধনৰ সংখ্যা তলত দিয়া ধৰণৰ-
গৰু = ১০,৩০৭.৭০ টা, ম’হ = ৪৩৫.২৭ টা, ভেড়া = ৫১৮.০৭ টা, ছাগলী = ৬১৬৯ টা, গাহৰি = ১৬৩৬.০২ টা আৰু হাঁহ-কুকুৰা = ২৭,২১৬.১৭ টা

অসমত গো-সংখ্যাৰ বিৱৰণ

১৯ তম পশুধন পিয়ল ২০১২ অনুসৰি-
গৰু= ১০,৩০৭.৭০,বিদেশৰ/বৰ্ণসংকৰ জাতৰ: মতা= ৭৬.৩৩, মাইকী= ৩১৯.৫৭, মুঠ সংখ্যা= ৩৯৫.৯০
দেশীয়: মতা= ৪২১৬.৪১, মাইকী= ৫৬৯৫.৩৯, মুঠ সংখ্যা= ৯৯১১.৮০