বিভাগৰ সেৱা প্ৰদান নেটৱৰ্ক:
পশু চিকিৎসালয় আৰু ঔষধালয়= ৫৭০ খন,
পশুচিকিৎসালয় উপকেন্দ্ৰ সংখ্যা = ৭৬৭ টা,
কৃত্ৰিম প্ৰজনন কেন্দ্ৰ সংখ্যা= ১২৭৫ টা
জন্তু ৰোগ পৰ্য্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ:
NERDDL = এটা
Institute of Veterinary Biologicals (IVB) = এটা
ডি ডি এল = ১৬ টা
বিভাগৰ অধীনস্থ বিভিন্ন প্ৰকাৰৰ ফাৰ্ম:
পশুধন ফাৰ্ম = ১১
মুৰ্গী ফাৰ্ম = ২২
গাহৰি ফাৰ্ম = ১৬
ভেড়া আৰু ছাগলী ফাৰ্ম = ৪
((এই আটাইবোৰ পামেই হৈছে প্ৰদৰ্শনী আৰু প্ৰজনন পাম)
এয়া এক পশুচিকিৎসালয় প্ৰতিষ্ঠান য’ত সহকাৰী শৈল চিকিৎসকৰ দ্বাৰা পশুধন আৰু পোহনীয়া পক্ষীৰ বিভিন্ন ধৰণৰ চিকিৎসা যেনে দৈনন্দিন চিকিৎসা, টীকাকৰণ, ৰোগ প্ৰতিৰোধ, কৃত্ৰিম গৰ্ভধাৰণ আৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।
পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধীনত বিহিত কৰা হোৱা এলেকাসমূহত এই ভেটেৰিনাৰী ঔষধালয়ৰ প্ৰতিষ্ঠান স্থাপিত হয় য’ত সহকাৰী শৈল চিকিৎসকৰ দ্বাৰা পশুধন আৰু পোহনীয়া পক্ষীৰ দৈনন্দিন চিকিৎসা, ৰোগ প্ৰতিৰোধৰ বাবে টীকাকৰণ, কৃত্ৰিম প্ৰজনন আৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়।
খণ্ড পৰ্যায়ত এই প্ৰতিষ্ঠানক খণ্ড ভেটেৰিনাৰী ঔষধালয় বুলি জনা যায় য’ত পশু-পক্ষীৰ চিকিৎসা প্ৰদানৰ উপৰিও পশুচিকিৎসাৰ সম্প্ৰসাৰণ বিষয়াই দায়িত্ব পালন কৰি অহা পশুপালন আৰু পশুচিকিৎসাৰ সৈতে জড়িত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক গঢ়ি তুলি কৃষকসকলক প্ৰশিক্ষণ প্ৰদানৰ দৰে কাৰ্য্যসূচী সামৰি লোৱা হয়।
পশুপালন আৰু পশুচিকিৎসা বিভাগে নিৰ্দেশনা জাৰি কৰা এলেকাসমূহত স্থাপিত হোৱা এয়া পশুচিকিৎসাৰ প্ৰতিষ্ঠান য’ত SVFA/VFA সমূহে VAS/E.O সমূহৰ তত্বাৱধানৰ অধীনত পশুচিকিৎসাৰ সৰু-সুৰা অভ্যাসসমূহ সম্পন্ন কৰে।
এই প্ৰতিষ্ঠানসমূহ পশুপালন আৰু পশুচিকিৎসা বিভাগে নিৰ্দেশ কৰা এলেকাসমূহৰ অধীনত পৰে য’ত গৰু, ম’হ, ছাগলী ইত্যাদি জন্তুসমূহৰ কৃত্ৰিম প্ৰজনন কাৰ্য্য VAS য়ে ‘পেৰাভেট’ৰ সহযোগত সম্পন্ন কৰে। জীৱ-জন্তুৰ কৃত্ৰিম প্ৰজনন কাৰ্য্য সম্পন্ন কৰাৰ উপৰিও এই প্ৰতিষ্ঠানসমূহত ৰোগ প্ৰতিৰোধৰ বাবে পশুধন আৰু পোহনীয়া পক্ষীৰ টীকাকৰণৰ কাৰ্য্যও দৈনন্দিন কাৰ্য্যসূচীত সামৰি লোৱা হয়।