মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

IVB (Institute Of Veterinary Biologicals)

আই ভি বি খানাপাৰাৰ অধীনৰ কৃতিত্বসমূহ

খানাপাৰাত অৱস্থিত ‘ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰী বায়’লজিকেলছ’ য়ে ৰাজ্যত পশুধন আৰু পক্ষীৰ ৰোগ প্ৰতিৰোধৰ বাবে অহৰহভাৱে কাম কৰি আছে।

  • উত্তৰ-পূৰ্বাঞ্চল ৰীণ্ডাৰপেষ্ট বা পশু মহামাৰীৰ পৰা মুক্ত বুলি ঘোষিত হোৱাটো ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰী বায়’লজিকেলছ চমুকৈ আইভিবি ৰ এক ডাঙৰ কৃতিত্ব।
  • ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰী বায়’লজিকেলে C.V.Sc, AAU ৰ ছাত্ৰ-ছাত্ৰীসকলক দৈনন্দিন ইণ্টাৰ্ণশ্বিপ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে আৰু অন্যান্য প্ৰশিক্ষণ কাৰ্য্যসূচীসমূহ পৰিচালনা কৰি আহিছে।
  • ২০০৫-০৬ চনৰপৰা ২০১৫-১৬ চনলৈ সৰ্বমুঠ ২.৪৬ কোটি টীকাকৰণৰ ঔষধৰ খোৰাক উৎপাদন আৰু ‘ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰী বায়’লজিকেল’ ত সংগ্ৰহ কৰি ৰখাৰ ব্যৱস্থা কৰা হয়।
  • ২০০৫-০৬ চনৰপৰা ২০১৫-১৬ চনলৈ সৰ্বমুঠ ২.৪৭ কোটি টীকাৰ খোৰাক ক্ষেত্ৰসমূহত বিতৰণ কৰা হয়।
  • চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া উৎপাদন মূল্য অনুসৰি ২০০৬-০৭ চনৰপৰা ২০১৫-১৬ চনলৈ ৬৭,৭৪,৭৫৮ লক্ষ মূল্যৰ টীকা উৎপাদন কৰা হয়। ৬৭,৭৪,৭৫৮ লক্ষ মূল্যৰ টীকাৰ ৪৩,৪১,৮২৬ লক্ষ মূল্যৰ টীকা ৰাজ্যত বিনামূল্যে বিতৰণ কৰা হয় আৰু ৰাহি হোৱা ২৪,৩২,৯৩২ লক্ষ ৰাজহ জমা হিচাপে ইনষ্টিটিউট অৱ ভেটেৰিন্যাৰী বায়’লজিকেলে চৰকাৰী ৰাজভড়ালত জমা ৰাখে।
  • ২০০৫-০৬ চনৰপৰা ২০১৫-১৬ চনলৈ ৮৯ টা জিলা পৰ্যায় আৰু ৮৩১ টা খণ্ড পৰ্যায়ত সজাগতা শিবিৰৰ আয়োজন কৰা হয়।
  • ২০১৫-১৬ চনলৈ ভিন্ন পৰ্যায়ত ৪১০ টা ভেট আৰু ৩৮১ টা পেৰাভেটৰ প্ৰশিক্ষণ কাৰ্য্যসূচী সম্পন্ন কৰা হয়।

টীকা উৎপাদন

(১) ভাইৰাচজনিত ৰোগৰ টীকা: ছোৱাইন জ্বৰ, FDRD F1, FDRD R2B, হাঁহ প্লেগ।
(২) বেক্টেৰিয়াজনিত ৰোগৰ টীকা: এনথ্ৰাক্স, HS, BQ, and Enterotoxaemia.

উৎপাদন সম্পৰ্কীয় বিৱৰণসমূহ তলত দিয়া লিংকৰ পৰা ডাউনলোড কৰিব পাৰে:

Downloads
TitleSizeDetail
২০১১-১২ ৰ পৰা ২০১৫-১৬ লৈ টীকাসমূহৰ উৎপাদন, বিক্ৰী আৰু বিতৰণৰ বিৱৰণ14.15 KBswf-image