প্ৰগতি আত্ম সহায়ক গোট হৈছে কামৰূপ মেট্ৰ’পলিটান জিলাৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অধীনৰ হাতীবগৰা গাঁৱৰ মহিলাসকল জড়িত হৈ থকা এটি আত্ম সহায়ক গোট। শ্ৰীমতী লক্ষ্মী শইকীয়াৰ অধ্যক্ষতাত আৰু সচিব শ্ৰীমতী ঊষা শইকীয়াৰ দায়িত্বত এই আত্ম সহায়ক গোটে ৫০:৫০ নিধি প্ৰদান অনুপাতে হিতাধিকাৰীৰ অংশ ৫০,০০০ টকা আৰু লগতে আৰ কে ভি ৱাই ২০০৮-০৯ বৰ্ষৰ অধীনত ৫০,০০০ টকাৰ আৰ্থিক অনুদান লাভ কৰিবলৈ সক্ষম হয়।
আত্ম সহায়ক গোট গঠনৰ আগতে:
- গাঁৱৰ মহিলাসকলে আগতে পৰম্পৰাগত পদ্ধতিৰে পৰিয়ালৰ বাবে মাংস আৰু গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ আৰু সম্ভৱ হ’লে দুপইছা অৰ্জন কৰিবলৈ জীৱ-জন্তু পালন কৰিছিল।
আত্ম সহায়ক গোট গঠনৰ পিছত:
- আত্ম সহায়ক গোটটিয়ে ২০১০ ৰ জানুৱাৰীত ওচৰৰ পশুচিকিৎসকৰ নিৰ্দেশনা অনুসৰি চল্লিশ জনী স্থানীয় মাইকী ছাগলী আৰু চাৰিটা ক’লা বেংগল মতা ছাগলীৰে এখনি সৰু ছাগলী পালন ফাৰ্ম আৰম্ভ কৰে।
- বৰ্তমানে এই আত্ম সহায়ক গোটটিয়ে ১০৩ ছাগলীৰে ১,০০,৩০০/- টকা মূল্যৰ ছাগলী ফাৰ্ম চলাই আছে আৰু ছাগলী বিক্ৰী কৰি দুমাহত ৭,৩০০,০০/- টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।
