মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
পশুখাদ্যৰ খেতি

শ্ৰী ৰাজীৱ চৌধুৰী, হাজো

শ্ৰী ৰাজীৱ চৌধুৰী

গাওঁ: হাজো, চাকামতালি, ডাকঘৰ: হাজো, জিলা: কামৰূপ,ৰাজ্য: অসম

ৰাজ্যিক ভিত্তিক পৰ্যবেক্ষণ সমিতি, কামৰূপে আৰ.কে.ভি.ৱাই আঁচনি ২০১১-১২ ৰ অধীনত শ্ৰী ৰাজীৱ চৌধুৰীক হিতাধীকাৰীৰূপে নিৰ্বাচিত কৰিছে। তেওঁ তেওঁৰ মাটিতেই দুগ্ধ আৰু উদ্যানপালনৰ কাম আৰম্ভ কৰে। তেওঁ এবিঘা মাটিত পশুখাদ্যৰ খেতি কৰিবলৈ পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসমৰ পৰা ১৩ কিলোগ্ৰাম বিলাতী য’ধান (ওটচ) ৰ বীজ, ১২ কিলোগ্ৰাম ইউৰিয়া সাৰ আৰু দুই কিলোগ্ৰাম জিংক ছালফেট লাভ কৰিছে। তেওঁ আকৌ অন্যান্য উৎসৰ পৰা বিলাতী য’ধান (ওটচ) ৰ বীজ লাভ কৰি অন্য ৬ বিঘা মাটিত ওটচৰ খেতি কৰিছে। এনেকৈ মুঠ সাত বিঘা মাটিত ওটচৰ খেতি কৰি ২৭৬ কুইণ্টল ইয়াৰ সেউজীয়া ঘাঁহ উৎপাদন কৰিছে। তেওঁ তেওঁৰ কৃষিভূমিত উৎপাদন কৰা ঘাঁহে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াইছে যি তেওঁৰ প্ৰধান ব্যৱসায় ৰূপে পৰিগণিত হৈছে। এনে ধৰণৰ উৎকৃষ্ট কৰ্মেৰে শ্ৰী ৰাজীৱ চৌধুৰী চুবুৰীয়া কৃষকসকলৰ বাবে আদৰ্শ কৃষকৰূপে পৰিগণিত হৈছে।