মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
কৃত্ৰিম প্ৰজনন

বৰপেটা জিলাত গৰুৰ কৃত্ৰিম প্ৰজনন

বজালী অঞ্চল

ইয়াত কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচীৰ সংসাধনৰ আগতে প্ৰতিদিনে গাখীৰৰ উৎপাদন আছিল প্ৰায় ৩০০ লিটাৰ। এই কাৰ্য্যসূচীৰ সংসাধনৰ পিছত বৰ্তমানে বজালী অঞ্চলত প্ৰতিদিনে ১৫,৫০০ ৰ পৰা ২৫,০০০ লিটাৰ গাখীৰ উৎপাদন হয়। দুগ্ধ ফাৰ্মসমূহে এই অঞ্চলত ২৫০০-২৭০০ গৰাকী নিবনুৱা যুৱক যুৱতীক আত্মনিয়োজনৰ সুযোগ প্ৰদান কৰিছে। গাখীৰৰ বজাৰসমূহৰে সৈতে এটি সম্পৰ্ক গঢ়ি তুলিবলৈ দুগ্ধ সমবায় সমাজসমূহ গঠন কৰা হয়। গাখীৰৰ উপজাত বা মূল্য মিশ্ৰিত দ্ৰব্যসমূহ যেনে দৈ, পনিৰ, ক্ৰীম, ঘিউ ইত্যাদি খাদ্য সম্ভাৰে দুগ্ধ সমবায়সমূহত অধিক ভাল আৰু উন্নত আৰ্থিক অৱদান আগবঢ়ায়। ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (নেশ্যন্যাল ৰুৰেল লাইভলিহুড মিশ্যন) ৰ অধীনত মহিলা আত্মসহায়ক গোটে বাঘমাৰা নিত্যানন্দত গাখীৰৰ উপজাত সামগ্ৰীৰ দোকান মুকলি কৰিছে।

পাঠশালা, বৰপেটাৰোড, হাউলী

পাঠশালা, বৰপেটাৰোড আৰু হাউলী অঞ্চলৰ কৃষকসকল সাধাৰণতে পৰিশ্ৰমী আৰু তুলনামূলকভাৱে শিক্ষিত। এই অঞ্চলসমূহত গাখীৰৰ ভাল বজাৰ আছে। বৰপেটাৰোডত দৈনন্দিন বজাৰত গধূলি পৰত কৃষকসকলে গাখীৰ বিক্ৰী কৰি আহিছে। বৰপেটাৰোডৰ বালাভিঠা, হালাপাকৰি, হাউলী, পাঠশালা আৰু নিত্যানন্দৰ কৃষকসকলৰ মাজত কৃত্ৰিম প্ৰজনন কাৰ্য্যক্ৰম গ্ৰহণৰ হাৰ তুলনামূলকভাৱে অধিক।

অৱশ্যে এই ক্ষেত্ৰসমূহত ৮-১০ বছৰ যত্ন আগবঢ়োৱা বিভাগীয় কৃত্ৰিম প্ৰজনন কৰ্মীসকলৰ অৰিহণা বিশেষভাৱে স্বীকাৰ্য। কৃষকসকলৰ একাণপতীয়া সমূহীয়া প্ৰচেষ্টাৰে দুগ্ধ ক্ষেত্ৰ আৰু দুগ্ধ সমবায় সমাজসমূহ গঢ়ি উঠিছে। বৰ্তমানে পাঠশালা আৰু নিত্যানন্দ (Wamul) পূৰৱীৰে পৰা আদি কৰি বিভিন্ন দুগ্ধ সমবায়ৰ পৰা গাখীৰ সংগ্ৰহ কৰা এক প্ৰধান ক্ষেত্ৰৰূপে পৰিগণিত হৈছে।