মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

সফলতাৰ কাহিনী

ছেমী-ইনটেনশ্বিভ পিগ ফাৰ্মিং

গৰ্ভধাৰণৰ সময় কম হোৱা বাবে আৰু বহুসংখ্যক পোৱালি জন্ম দিয়াৰ বাবে গাহৰি পাম গঠন এটি লাভজনক ব্যৱসায় হিচাপে পৰিগণিত।

অসমৰ কিছুসংখ্যক নিৰ্বাচিত অঞ্চল গাহৰি পামৰ বাবে অত্যন্ত সম্ভাৱনাপূৰ্ণ। অসমৰ কিছুমান অঞ্চলত গাহৰিৰ মঙহ অত্যন্ত জনপ্ৰিয়। ৰাজ্যৰ কিছুমান জনজাতিয়ে পৰম্পৰাগতভাৱে গাহৰি পালন কৰি আহিছে। এই নিৰ্বাচিত ক্ষেত্ৰসমূহত গাহৰি পালন কৰিবলৈ উদ্গনি যোগোৱাৰ উদ্দেশ্যে ‘আৰ কে ভি ৱাই’ ৰ ৫০:৫০ অনুপাতৰ নিধি সাহাৰ্য্যৰে ছেমি-ইনটেনশ্বিভ পিগ ফাৰ্মিং গঢ়ি তোলা হৈছে। ই গাহৰিৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে কৃষকসকলকো আৰ্থিক ৰূপত লাভৱাম্বিত কৰিব।