মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
দুগ্ধ সমবায় সমাজ

যমুনা ভেলী দুগ্ধ উৎপাদক সমবায় সমিতি, নগাওঁ

যমুনা ভেলী দুগ্ধ উৎপাদক সমবায় সমিতি, নগাওঁ

গাওঁ: চাংমাজি পথাৰ, জিলা: নগাওঁ, ৰাজ্য: অসম

নগাওঁ চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত চাংমাজি পথাৰ নামেৰে এখন গাওঁ চিনাক্ত কৰা হৈছে। এই গাঁৱত বসবাস কৰা প্ৰতিটো দুগ্ধ উৎপাদনকাৰী পৰিয়ালৰ মুঠ বজাৰ উদ্দেশ্যে পোৱা হোৱা গাখীৰৰ পৰিমাণ অতিক্ৰম কৰাটো নিশ্চিত কৰিবলৈ এটি জৰীপ চলোৱা হয়। এই জৰীপৰ ফলাফল লক্ষ্য কৰি দেখা গ’ল যে বজাৰৰ উদ্দেশ্যে উৎপাদিত গাখীৰতকৈ এই গাঁৱত মুঠ ১১০০ লিটাৰ অধিক গাখীৰ উৎপাদন হয়। ইয়াৰ উদ্দেশ্যে ২০০৭ ত এটি সজাগতা কাৰ্য্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্য্যক্ৰমে দুগ্ধ উৎপাদনকাৰীসকলক অনুপ্ৰাণিত কৰি তোলে আৰু এই উৎসাহৰ ফলস্বৰূপে ২০০৭ চনৰ ২১ জুলাই তাৰিখে এখনি দুগ্ধ সমবায় সমাজ গঢ়ি উঠে আৰু এই সমবায় সমাজেই যমুনা ভেলী দুগ্ধ উৎপাদক সমবায় সমিতি ৰূপে নামাংকিত হয়। অসম কো-অপাৰেটিভ চছাইটিজ এক্ট ১৯৪৯ (Assam Act 1 of 1950) ৰ অধীনত এই সমবায় সমাজ পঞ্জীকৃত হয়।
সম্প্ৰতি এই সমবায়ে ১৪০০ লিটাৰ গাখীৰ উৎপাদন কৰে। এই পৰিমাণে এই সমবায় সমাজৰ সদস্যসকলক গো পালন কৰিবলৈ ভেন্সাৰ ক্যাপিট্যাল স্কীমৰ অধীনত ইউনাইটেড বেংক অৱ ইণ্ডিয়াই ৩০,০০,০০০/- (ত্ৰিশ লক্ষ) টকা মোকলাই দিয়াত অৰিহণা আগবঢ়ায়। এই সমবায় সমাজে তেওঁলোকৰ নিজা গাখীৰেৰে বজাৰ কাৰ্য্য পৰিচালনা কৰে। যোৱা এটা বছৰত এই সমবায়ে কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰাৰ পিছতো ৩,০০,০০০/- টকা সমবায়ৰ লাভ হয়।

দুগ্ধ সমবায় সমাজ গঠনৰ আগতে:

  • গাখীৰ উৎপাদকসকলে কিছু অগ্ৰিম ধনৰ বিনিময়ত বেপাৰীৰ ওচৰত গাখীৰ বিক্ৰী কৰিছিল।
  • বেপাৰীসকলে তেওঁলোকৰ প্ৰয়োজন অনুপাতেহে গাখীৰ ক্ৰয় কৰিছিল।
  • গাখীৰ উৎপাদকসকলে প্ৰতি লিটাৰ গাখীৰৰ বিনিময়ত ১৪ টকাকৈ পাইছিল।
  • তাত কোনো ক্ৰেডিট লিংকৰ সুবিধা নাছিল।
  • দুগ্ধ উৎপাদকসকলৰ উন্নত মানৰ গাখীৰ বা বিজ্ঞানসন্মত গো পালনৰ দিশত কোনো জ্ঞান নাছিল।
  • তেওঁলোকে বহুলভাৱে উৎপন্ন হোৱা সেউজীয়া ঘাঁহ জন্তুক খাদ্য হিচাপে যোগান ধৰিছিল।

দুগ্ধ সমবায় সমাজ গঠনৰ পিছত:

  • সমবায় সমাজে দুবাৰকৈ (পুৱা আৰু সন্ধিয়া) ইয়াৰ সদস্যসকলৰ পৰা গাখীৰ সংগ্ৰহ কৰে।
  • বছৰৰ ৩৬৫ দিনেই সমাজে গাখীৰ সংগ্ৰহ কৰে।
  • উৎপাদনকাৰীয়ে প্ৰতি লিটাৰ গাখীৰত ১৭ টকাকৈ লাভ কৰে।
  • ভেঞ্চাৰ কেপিট্যাল স্কীম আঁচনিৰ অধীনত য়ুনাইটেড বেংক অৱ ইণ্ডিয়াৰ পৰা গো পালনৰ বাবে সমবায় সমাজৰ সদস্যসকললৈ ৩০,০০০,০০/- টকা আবণ্টন দিয়া হয়।
  • এতিয়া দুগ্ধ উৎপাদকসকলে ক্ৰেডিট লিংকৰ লাভালাভ সমূহ পাব পৰা হৈছে।
  • সামৰ্থ্য গঢ়ন।
  • বিজ্ঞানসন্মত পদ্ধতিৰে গো পালন।
  • দীৰ্ঘজীৱী সেউজীয়া পশুখাদ্যৰ কৃষিকাৰ্য্য আৰম্ভ।
  • প্ৰ’টিন সমৃদ্ধ আজোল্লা (Azolla) ৰ খেতি।

লাভালাভ

সমবায় সমাজসমূহ গঠন হোৱাৰ ফলত কৃষকসকল লাভৱাম্বিত হৈছে আৰু তেওঁলোকৰ উপাৰ্জনৰ পৰিমাণ বৃদ্ধি পাইছে। ইয়াৰ কাৰণসমূহ হৈছে:

  • গড়ে গাখীৰৰ মূল্য বৃদ্ধি (৬ টকা/৪২ শতাংশ)।
  • গাখীৰৰ উৎপাদন খৰচ হ্ৰাস।
  • গাখীৰৰ উৎপাদন বৃদ্ধি।
  • গৰুৰ মৃত্যুৰ হাৰ হ্ৰাস।
  • গাখীৰৰ লোকচান হ্ৰাস বা লোকচান একেবাৰে নোহোৱা।