মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
কৃত্ৰিম প্ৰজনন

শিৱসাগৰ জিলাত গৰুৰ কৃত্ৰিম প্ৰজনন

সুন্দৰপুখুৰী

নাজিৰা ৰাজ্যিক পশুচিকিৎসালয়ৰ পশুচিকিৎসা বিষয়া ডাঃ জে বৰ্মনৰ কাৰিকৰী নিৰ্দেশনাৰ অধীনত বৃহত্তৰ নাজিৰা অঞ্চলৰ কৃষকসকলৰ দ্বাৰা গঢ়ি উঠা সুন্দৰপুখুৰী দুগ্ধ সমবায় সমাজ কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচীৰ সফলতাপূৰ্ণভাৱে গ্ৰহণৰ এক সুন্দৰ উদাহৰণ। ২৪৫ ৰো অধিক দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালৰ বাবে ই জীৱন নিৰ্বাহৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে যিয়ে এক কোটিৰো অধিক বাৰ্ষিক উপাৰ্জন আনি গ্ৰাম্য অৰ্থনীতিত বিশেষ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। ৯ কাৰ্য্যকৰী সদস্য সমিতি আৰু সমূহ গাখীৰ সংগ্ৰহ কেন্দ্ৰৰ প্ৰতিনিধিৰ দ্বাৰা ই শাসিত হয়। এই সমবায় সমাজে তেওঁলোকৰ বিপণন নাম “কাৰেং” ৰাখি এটি গাখীৰ পেষ্টিউৰাইজেশ্যন কাৰখানাও আৰম্ভ কৰিছে।

নিৰ্মলীয়া গাওঁ

সুন্দৰপুখুৰীৰ ওচৰৰ নিৰ্মলীয়া গাওঁ য’ত আগতে কোনো দুগ্ধ পাম নাছিল এই গাঁৱে সম্প্ৰতি প্ৰতিদিনে প্ৰায় ৪০০ লিটাৰ গাখীৰ উৎপাদন কৰে। নাজিৰা ৰাজ্যিক পশুচিকিৎসালয়ৰ অধীনত নিৰ্মলীয়া গাঁৱত গঠন হোৱা বৃহত্তৰ নিৰ্মলীয়া প্ৰাথমিক মহিলা দুগ্ধ উৎপাদক সমবায় সমিতি হৈছে দ্বিতীয় মহিলা দুগ্ধ সমবায় সমিতি।