মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
কৃত্ৰিম প্ৰজনন

দৰং জিলাত গৰুৰ কৃত্ৰিম প্ৰজনন

চিপাঝাৰ

উন্নত কৃত্ৰিম প্ৰজনন সেৱাৰ পিছত চিপাঝাৰৰ পথৰুঘাটত গাখীৰৰ উৎপাদন ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে আৰু ইয়ে আত্মনিয়োগৰ সুযোগো বৃদ্ধি কৰে। পথৰুঘাট দুগ্ধ উৎপাদন সমিতিয়ে দুগ্ধৰ বজাৰৰ পুনৰ গঠন কৰে। এই সমাজৰ ৪২ গৰাকী স্থায়ী সদস্য, ২১ আত্মসহায়ক গোট আৰু ২১০ গৰাকী মহিলা সদস্য আছে। এই সমাজে প্ৰতিদিনে ৮০০-১০০০ লিটাৰ গাখীৰ উৎপাদন কৰে।

মঙলদৈ

কৃত্ৰিম প্ৰজনন কাৰ্য্যসূচী গ্ৰহণৰ পিছত মঙলদৈ নগৰে বাণিজ্যিক দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। প্ৰতিদিনে ৯০০ লিটাৰ গাখীৰ সংগ্ৰহেৰে ৪৫ গৰাকী সদস্য মিলি ইয়াত গোধন গোপাল নামেৰে এখন সমাজ গঢ়ি তুলিছে। এই সমাজে মঙলদৈ নগৰত গাখীৰ আৰু গাখীৰৰ উপজাত দ্ৰব্য যেনে ক্ৰীম, দৈ, মিঠাই আদি বিক্ৰী কৰে।