মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

সফলতাৰ কাহিনী

ছেমি-ইনটেনশ্বিভ গোট ফাৰ্মিং

ছাগলী পালন বা ছাগলী ফাৰ্মৰ ব্যৱসায় এটি অতি লাভজনক ব্যৱসায়। ছাগলীক খাদ্য খুওৱাৰ বাবে অতি কম খৰচৰ প্ৰয়োজন হয় কাৰণ ইহঁতে নিজেই খাদ্য বিচাৰি খায়। অসমৰ সেউজীয়া পৰিৱেশ আৰু ইয়াৰ জলবায়ু ‘ছেমি-ইনটেনশ্বিভ গোট ফাৰ্মিং’ ৰ ছাগলী ফাৰ্মৰ বাবে অতিকৈ লাভজনক।

দেশৰ এই অঞ্চলত ছাগলীৰ মঙহো অতিকৈ জনপ্ৰিয়। ‘আৰ কে ভি ৱাই’ য়ে আগবঢ়োৱা সহায় আৰু ৫০:৫০ নিধি প্ৰদান অনুপাতে ছেমি ইনটেনশ্বিভ ছাগলী ফাৰ্মৰ বাবে হিতাধিকাৰীলৈ (মুঠ হিতাধিকাৰী ৩০৩ গৰাকী) এক লাখ টকা প্ৰদান কৰা হয় যিয়ে কৃষকসকলক ছাগলী পালনৰ আৰু ৰাজ্যত ছাগলীৰ উৎপাদন বৃদ্ধি কৰিবলৈ উদ্গনি যোগায়। এই উদ্যোগে ৰাজ্যত ছাগলী আৰু ইয়াৰ মঙহৰ নাটনি দূৰ কৰিব।