গাহৰি গৱেষণা কেন্দ্ৰৰ সহযোগত ৰাণী বাগিচাৰ প্ৰাথমিক গাহৰি ফাৰ্মত কৃত্ৰিম প্ৰজনন কাৰ্য্য সফলতাৰে সম্পন্ন কৰা হয়।
কৃত্ৰিম প্ৰজননৰ উপকাৰিতাসমূহ
- কম সময়ৰ ভিতৰত আৰু কম খৰচত উৎকৃষ্ট জাতৰ জন্তু লাভ কৰিব পাৰি।
- প্ৰজননৰ বাবে মতা গাহৰি পালন কৰাৰ প্ৰয়োজন নাথাকে।
- মাক গাহৰিজনীক ৰোগমুক্ত কৰি ৰাখিব পাৰি।
- অত্যন্ত ভিতৰুৱা অঞ্চলসমূহত উৎকৃষ্ট জাতৰ গাহৰি যোগান ধৰিব পাৰি।
- এটা উন্নত জাতৰ মতা গাহৰিৰ সহায়েৰে একে সময়তে ২০-২৫ জনী গাহৰিৰ দেহত বীৰ্য সংৰোপণ কৰিব পাৰি।
- বৰ্ণসংকৰ জাতৰ বাবে উৎকৃষ্ট।