মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
পশুখাদ্যৰ খেতি

বিচিত্ৰ বৰঠাকুৰ, ডেৰগাওঁ

বিচিত্ৰ বৰঠাকুৰ

গাওঁ আৰু ডাকঘৰ: ডেৰগাওঁ, জিলা: গোলাঘাট, ৰাজ্য:অসম

ডি এল এম চি, গোলাঘাটে শ্ৰী বিচিত্ৰ বৰঠাকুৰক ওট ঘাঁহৰ খেতি কৰাৰ বাবে নিৰ্বাচিত কৰে। শ্ৰী বৰঠাকুৰৰ ১৪ জনী গাখীৰ দিয়া গৰুৰে এখনি দুগ্ধ ফাৰ্ম আছে। তেওঁ ‘আৰ কে ভি ৱাই’ ২০১১-১২ ৰ অধীনত পশুপালন আৰু পশুচিকিৎসা বিভাগ, অসমৰ পৰা এক বিঘা মাটিত পশুখাদ্যৰ খেতি কৰিবলৈ ১৩ কিলোগ্ৰাম ওটছ বীজ, ১২ কিলোগ্ৰাম ইউৰিয়া আৰু ২ কিলোগ্ৰাম জিংক ছালফেট লাভ কৰি সেই মাটিত ৪২ কুইণ্টল সেউজীয়া ঘাঁহ উৎপাদন কৰে। এই পশুখাদ্য উৎপাদনে তেওঁক গো পালন কৰাত আৰু গাখীৰৰ উৎপাদন বৃদ্ধি কৰাত বিশেষভাৱে সহায় কৰে। তেওঁৰ এই কাৰ্য্যই বহুসংখ্যক স্থানীয় যুৱক যুৱতীক আত্মনিয়োজনৰ উদ্দেশ্যে গো পালন কৰাৰ প্ৰতি উৎসাহিত কৰি তোলে। দুগ্ধ ফাৰ্মেই তেওঁৰ একমাত্ৰ উপাৰ্জনৰ উৎস। শ্ৰী বৰঠাকুৰে বৰ্তমানে প্ৰতিদিনে তেওঁৰ ফাৰ্মত গড়ে ৬০ লিটাৰকৈ গাখীৰ উৎপাদন কৰে।