মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
ছেমি-ইনটেনশ্বিভ গোট ফাৰ্মিং

কৃষি আত্ম সহায়ক গোট

গোৱালপাৰা জিলাৰ অধীনৰ আমবাৰীৰ আবৰাভিটা গাঁৱৰ কৃষি আত্মসহায়ক গোটক ৫০,০০০ টকা হিতাধিকাৰীৰ অংশ হিচাপে আৰু ছাগলী ফাৰ্ম আৰম্ভ কৰিবলৈ আৰ কে ভি ৱাই ২০০৮-০৯ ৰ অধীনত ৫০,০০০ টকাৰ সাহাৰ্য্য প্ৰদান কৰা হৈছে।

আত্মসহায়ক গোট গঠনৰ পিছত:

  • আত্মসহায়ক গোটে ২০০৯ চনৰ ২৫ জুলাই তাৰিখে ওচৰৰ পশুচিকিৎসকৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি ২০ জনী স্থানীয় মাইকী ছাগলী আৰু সাতটা মতা বেংগল ছাগলীৰে তেওঁলোকৰ নিজা মাটিত সৰুকৈ এখনি ছাগলী পালন ফাৰ্ম আৰম্ভ কৰে।
  • ছাগলীৰ ফাৰ্ম আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে নেপিয়াৰ ঘাঁহৰ খেতি কৰিবলৈ আৰম্ভ কৰে যিয়ে তেওঁলোকৰ পশুপালনৰ বাবে প্ৰয়োজন হোৱা পশুখাদ্যৰ খৰচ বহুখিনি হ্ৰাস কৰে।
  • সম্প্ৰতি ২২ জনী মাইকী ছাগলী আৰু সাতটা মতা ছাগলী আৰু ইহঁতৰ উৎপাদিত মুঠ ১১৮ টা ছাগলী বিক্ৰীৰে জীৱন ধাৰণত সুচল হোৱাকৈ উপাৰ্জন কৰি আত্ম সহায়ক গোটটিয়ে সুচাৰুৰূপে চলি আছে।
  • আত্ম সহায়ক গোটৰ সদস্যসকলে তেওঁলোকৰ মাটিত বৰ্তমানে উদ্যানপালো আৰম্ভ কৰিছে।
  • এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ আৰু আত্ম সহায়ক গোটৰ সদস্যসকলৰ যত্ন ভূয়সী প্ৰশংসিত হৈছে আৰু ২০১০ চনৰ ২৬ ফেব্ৰুৱাৰীত আত্ম সহায়ক গোটৰ সচিব মহম্মদ আব্দুল হালিম ভাৰত চৰকাৰৰ কৃষি বিভাগৰ মাননীয় মন্ত্ৰীৰ পৰা সৰ্বোৎকৃষ্ট কৃষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।