মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
কৃত্ৰিম প্ৰজনন

শোণিতপুৰ জিলাত গৰুৰ কৃত্ৰিম প্ৰজনন

বিশ্বনাথ চাৰিআলি

বৰ্ণসংকৰ প্ৰজনন আৰু কৃত্ৰিম বীৰ্য সংৰোপণ বা কৃত্ৰিম প্ৰজননৰ বিষয়ে জ্ঞান লাভৰ পিছত বিশ্বনাথ চাৰিআলিৰ গো পালক কৃষকসকলৰ মাজত বাণিজ্যিক দুগ্ধ উৎপাদনে পৰিচিতি লাভ কৰাৰ পিছতে ই এক বাট লাভ কৰিবলৈ সক্ষম হয়। আগতে ইয়াৰ কৃষকসকলে ঘৰতে পোহা এজনী বা দুজনী গৰুৱে দিয়া গাখীৰেৰে পৰিয়ালটো চলাতেই সন্তুষ্ট আছিল। ক্ৰমান্বয়ে বাঢ়ি অহা কৃত্ৰিম প্ৰজননৰ যোগেদি জন্ম হোৱা বৰ্ণসংকৰ জাতৰ গৰুৰ জন্ম আৰু তাৰ ফলত বৃদ্ধি হোৱা গাখীৰৰ উৎপাদনে কৃষকসকলক তেওঁলোকৰ অসংগঠিত গোটৰ গৰু পালন ব্যৱস্থাৰ পৰা সংগঠিত গোটৰ গৰু পালন ব্যৱস্থালৈ ৰূপান্তৰিত কৰাৰ প্ৰতি উদ্গনি যোগায়। আনুষ্ঠানিক বজাৰ ব্যৱস্থাই বহনক্ষম দুগ্ধ ব্যৱস্থাপনাৰ সৃষ্টি কৰে। এই অঞ্চলত ক্ষুদ্ৰ দুগ্ধ উৎপাদকসকলে আঠটা গাখীৰৰ পাৰ্লাৰ/গাখীৰৰ বিপণি স্থাপন কৰিবলৈ সক্ষম হৈছে।

এই অঞ্চলৰ ক্ষুদ্ৰ দুগ্ধ উৎপাদক সমাজৰ সাম্প্ৰতিক অৱস্থা:

কামধেনু মিল্ক প্ৰডিউচাৰ্ছ কো-অপাৰেটিভ চছাইটিজ
পানীভৰাল মিল্ক প্ৰডিউচাৰ্ছ কো-অপাৰেটিভ চছাইটিজ১৫৫ লিটাৰ প্ৰতিদিন
গেলাপুখুৰী মিল্ক প্ৰডিউচাৰ্ছ কো-অপাৰেটিভ চছাইটিজ৮০ লিটাৰ প্ৰতিদিন
লোদলানী মিল্ক প্ৰডিউচাৰ্ছ কো-অপাৰেটিভ চছাইটিজ৭০ লিটাৰ প্ৰতিদিন
কদমণি মিল্ক প্ৰডিউচাৰ্ছ কো-অপাৰেটিভ চছাইটিজ৩৫০ লিটাৰ প্ৰতিদিন