মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা

অধিক
সফলতাৰ কাহিনী
ছেমী-ইনটেনশ্বিভ পিগ ফাৰ্মিং

প্ৰগতি আত্ম সহায়ক গোট

প্ৰগতি আত্ম সহায়ক গোট হৈছে শ্ৰী প্ৰফুল্ল চন্দ্ৰ গগৈৰ সভাপতিত্বত গোলাঘাট জিলাৰ দোলাকাষৰীয়া গাঁৱৰ নিবনুৱা যুৱক-যুৱতীসকলৰ সহযোগত গঢ়ি উঠা এটি আত্মসহায়ক গোট। শ্ৰী গগৈয়ে প্ৰথমতে এটি সৰু মস্য গোট (মিনি ফিছাৰী ইউনিট) স্থাপন কৰিছিল যি সময়ত ব্যৰ্থ হয়। এই আত্মসহায়ক গোটে ছেমি ইনটেনশ্বিভ পিগ ফাৰ্মিঙৰ বাবে আৰ কে ভি ৱাই ২০০৮-০৯ ৰ অধীনত ৩৮,০০০/- হেজাৰ টকাৰ সাহাৰ্য্য লাভ কৰে আৰু ৩৮,০০০/- টকা হিতাধিকাৰীৰ অংশ ৫০:৫০ নিধিৰ অনুপাতে লাভ কৰে। গোলাঘাট জিলাৰ পশুচিকিৎসা বিভাগৰপৰা আৰ কে ভি ৱাই আঁচনি ২০০৮-০৯ ৰ অধীনত এই আত্মসহায়ক গোটটিয়ে লাভ কৰা তিনিজনী মাইকী গাহৰি আৰু এটা বৰ্ণসংকৰ জাতৰ মতা গাহৰিৰে তেওঁলোকৰ নিকটৱৰ্তী পশুচিকিৎসকৰ পৰামৰ্শ অনুসৰি এখনি সৰু গাহৰি পালন ফাৰ্ম আৰম্ভ কৰিছে।

আত্মসহায়ক গোট গঠনৰ পিছত:

  • এই আত্মসহায়ক গোটটিয়ে ৯-১০ মাহ তেওঁলোকৰ গাহৰিসমূহ পালন কৰি ২৫ টা পোৱালি লাভ কৰিবলৈ সক্ষম হয়। তিনিমহীয়া গোটৰ গাহৰি পোৱালিসমূহ এটাতে ১৫০০ টকাৰপৰা ১৮০০ টকালৈ বিক্ৰী হয়।
  • একেধৰণে ২০১০-১১ বৰ্ষত ৮ জনী গাহৰিয়ে জন্ম দিয়া ৫৭ টা পোৱালি বিক্ৰী কৰি আত্মসহায়ক গোটটিয়ে ৮০,০০০/- টকা উপাৰ্জন কাৰে।